অসম

assam

19 অনুৰ্ধ্ব বিশ্বকাপ ক্ৰিকেট: দহ উইকেটৰ বিশাল জয়েৰে ফাইনেললৈ ভাৰত

পাকিস্তান পৰাস্ত কৰি 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ ৷ 173 ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ আহি 10 উইকেটৰ বৃহৎ জয় ভাৰতীয় দলটোৰ ৷

By

Published : Feb 4, 2020, 8:12 PM IST

Published : Feb 4, 2020, 8:12 PM IST

19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপঃ ফাইনেলত ভাৰত, যশ্বস্বী জয়ছোৱালৰ শতক
19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপঃ ফাইনেলত ভাৰত, যশ্বস্বী জয়ছোৱালৰ শতক

স্পৰ্টছ ডেস্ক, 4 ফেব্ৰুৱাৰীঃদক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হৈ থকা 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ ৷ মঙলবাৰে ছেনৱেছ পাৰ্কত অনুষ্ঠিত হোৱা প্ৰথমখন ছেমিফাইনেলত ভাৰতৰ হাতত ধৰাশায়ী হয় পাকিস্তান ৷ 173 ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ 35.2 অভাৰত 10 উইকেটৰ বিনিময়ত জয় লাভ কৰে ভাৰতে ৷ মেচখনত যশ্বস্বী জয়ছোৱালে অপৰাজিত 105 ৰানৰ লগতে দিব্যাংশ ছক্সেনাই অপৰাজিত 59 ৰান যোগ দিয়ে ৷

19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত ভাৰত

মেচখনত টছত জয় লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল পাকিস্তানে ৷ পাকিস্তানৰ এই সিদ্ধান্তক ভুল প্ৰতিপন্ন কৰিলে ভাৰতৰ অনুশাসনমূলক দুৰ্দান্ত বলিঙে ৷ ফলস্বৰূপে 43.1 অভাৰতেই 172 ৰান কৰি অল আউট হয় পাকিস্তান দলটো ৷ পাকিস্তানৰ হৈ সৰ্বাধিক 62 ৰান কৰিবলৈ সক্ষম হয় অধিনায়ক ৰুহালি নাজিৰে ৷ ইয়াৰ বিপৰীতে হেইডাৰ আলিয়ে (56) আৰু মহম্মদ আমিৰে (21) দহকৰ ঘৰ চুবলৈ সক্ষম হয় ৷

ভাৰতৰ হৈ সুশান্ত মিশ্ৰাই 8.1 অভাৰত 28 ৰান দি 3 টা, কাৰ্তিক ত্যাগিয়ে 8 অভাৰত 32 ৰান দি 2 টা, ৰবি বিষ্ণইয়ে 10 অভাৰত 46 ৰান দি 2 টা, অৰ্থব অংক্লেকাৰ আৰু যশ্বস্বী জয়ছোৱাল 1 টাকৈ উইকেট দখল কৰে ৷

ভাৰত বনাম পাকিস্তান

উল্লেখ্য যে, ভাৰতীয় দলটোক নেতৃত্ব দিছে প্ৰিয়ম গাৰ্গে ৷ ভাৰতে ইয়াৰ পূৰ্বে মহম্মদ কাইফৰ নেতৃত্বত 2000 চনত, কোহলিৰ নেতৃত্বত 2008 চনত, উন্মক্ত চান্দৰ নেতৃত্বত 2012 আৰু পৃথ্বী শ্ব'ৰ নেতৃত্বত 2018 চনত অনুৰ্ধ্ব 19 বিশ্বকাপৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে চাওক- নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত অভিষেক কৰিব পৃথ্বী শ্ব’ইঃ বিৰাট কোহলি

ABOUT THE AUTHOR

...view details