অসম

assam

ETV Bharat / sports

আজি 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেল মেচ, সন্মুখত দুই এছিয়ান দেশ - ভাৰত বনাম বাংলাদেশ 2020

পঞ্চমবাৰৰ বাবে খিতাপ দখলৰ লক্ষ্যৰে আজি 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত অৱতীৰ্ণ হ’ব ভাৰত ৷ ভাৰতৰ বিৰুদ্ধে মুখামুখি হ’ব প্ৰথমবাৰৰ বাবে ফাইনেলত স্থান লাভ কৰা বাংলাদেশ ৷

আজি 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেল মেচ
আজি 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেল মেচ

By

Published : Feb 9, 2020, 5:16 AM IST

Updated : Feb 9, 2020, 5:55 AM IST

স্পৰ্টছ ডেস্ক, 9 ফেব্ৰুৱাৰীঃদক্ষিণ আফ্ৰিকাৰ ছেনৱাছ পাৰ্কৰ পচেফস্ট্ৰ’ম ষ্টেডিয়ামত আজি অনুষ্ঠিত হ’ব 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেল মেচ ৷ ফাইনেলত অৱতীৰ্ণ হ’ব দুই এছিয়ান দেশ ভাৰত আৰু বাংলাদেশ ৷ প্ৰতিযোগিতাত অপৰাজয় প্ৰিয়ম গাৰ্গ নেতৃত্বাধীন ভাৰতীয় দলটোৰ লক্ষ্য হ’ব পঞ্চমবাৰৰ বাবে খিতাপ নিজৰ দখললৈ অনাৰ ৷ ইয়াৰ বিপৰীতে প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰা বাংলাদেশ দলটোৰ লক্ষ্য হ’ব ভাৰতক পৰাস্ত কৰি বিশ্ব চেম্পিয়ন হোৱাৰ ৷

19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী

ভাৰতীয় সময় অনুসৰি দিনৰ 1.30 বজাত অনুষ্ঠিত হ’ব এই খেলখন ৷ খেলখনৰ ওপৰত দৃষ্টি থাকিব ভাৰত তথা বাংলাদেশৰ বহু ক্ৰীড়াপ্ৰেমীৰ ৷

যশস্বী জয়ছোৱাল প্ৰদৰ্শন

ভাৰতীয় দলটোৰ লগতে ভাৰতীয় অনুৰাগীয়ে পুনৰ বাৰ যশস্বী জয়ছোৱালৰ পৰা সুন্দৰ প্ৰদৰ্শনৰ আশা কৰিব ৷ খেলুৱৈগৰাকীয়ে বৰ্তমানলৈকে এটা শতক আৰু তিনিটা অৰ্ধশতকেৰে টুৰ্ণামেণ্টত সৰ্বাধিক ৰান (312) সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ য’ত আছে পাকিস্তানৰ বিৰুদ্ধে শতক ৷ ইপিনে বলিঙত কাৰ্তিক ত্যাগী, সুশান্ত মিশ্ৰা, ৰবি বিষ্ণই, অৰ্থৱ অংকোলেকৰ ওপৰতো নিৰ্ভৰ থাকিব ভাৰতীয় দলটো ৷

আজি 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেল মেচ

ভাৰতে ছেমিফাইনেলত পাকিস্তানক 10 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে বাংলাদেশে নিউজিলেণ্ডক 6 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল ৷ নিউজিলেণ্ডক পৰাস্ত এতিয়া যথেষ্ট আত্মবিশ্বাসী হৈ আছে বাংলাদেশ ক্ৰিকেট দলটো ৷ দলটোৰ অধিনায়ক আকবৰ আলীয়ে কয়, বাংলাদেশদলটো বিশ্ব চেম্পিয়নৰ খিতাপ জয় কৰবিলৈ সক্ষম ৷ এতিয়া কেৱল এখোঁজ হে বাকী ৷

ভাৰতকৰ 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ৰেকৰ্ড

উল্লেখ্য যে, ভাৰতে ইয়াৰ পূৰ্বে মহম্মদ কাঈফৰ নেতৃত্বত 2000 চনত, কোহলিৰ নেতৃত্বত 2008 চনত, উন্মক্ত চান্দৰ নেতৃত্বত 2012ত আৰু পৃথ্বী শ্ব'ৰ নেতৃত্বত 2018 চনত 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল ৷

Last Updated : Feb 9, 2020, 5:55 AM IST

ABOUT THE AUTHOR

...view details