স্পৰ্টছ ডেস্ক, 29 আগষ্টঃ দিলীপ ট্ৰফীত জলাজ ছক্সেনাৰ অভিলেখ ৷ সোমবাৰে ইণ্ডিয়া ৰেড আৰু ইণ্ডিয়া ব্লুৰ মাজত অনুষ্ঠিত হোৱা মেচত অভিলেখ গঢ়িবলৈ সক্ষম হয় কেৰালাৰ সোঁহতীয়া বেটছমেন আৰু অফ ব্ৰেক বলাৰ জলাজ ছক্সেনাই ৷ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত 6000 ত কৈ অধিক ৰান আৰু 300 টা উইকেট লোৱা ভাৰতীয় দলত স্থান নোপোৱা প্ৰথমগৰাকী খেলুৱৈ হয় 32 বছৰীয়া জলাজ ছক্সেনা ৷
প্ৰথম শ্ৰেণী ক্ৰিকেটত জলাজ ছক্সেনাৰ অভিলেখ
প্ৰথম শ্ৰেণী ক্ৰিকেটত 300 টা উইকেট আৰু 6000 ত কৈ অধিক ৰান কৰা একমাত্ৰ আনকেপ খেলুৱৈ হিচাপে অভিলেখ জলাজ ছক্সেনাৰ ৷
প্ৰথম শ্ৰেণী ক্ৰিকেটত জলাজ ছক্সেনাৰ অভিলেখ
অৱশ্যে জলজৰ পূৰ্বে মুঠ 18 গৰাকীৰৈ খেলুৱৈয়ে এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷ এই তালিকাত আছে কপিল দেৱ,চি কে নাইডু,লালা অমৰনাথ,বিজয় হাজাৰে আদিৰ দৰে নামি-দামী খেলুৱৈ ৷ কিন্তু তেওঁৱে একমাত্ৰ খেলুৱৈ যিয়ে ভাৰতীয় ক্ৰিকেট দলত খেলাৰ সুযোগ লাভ নকৰিলে ৷ উল্লেখ্য যে,দিল্লী কেপিটেলছৰ হৈ আই পি এলত অংশগ্ৰহণ কৰিছিল খেলুৱৈগৰাকীয়ে ৷