স্পৰ্টছ ডেস্ক, 12 আগষ্ট : ভাৰতীয় বেটছমেন ঋষভ পন্তে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুৰ্বল প্ৰদৰ্শন আগবঢ়োৱাৰ পাছতে টুইটাৰৰ জৰিয়তে সমালোচনাৰ সন্মুখীন হয় ৷ দ্বিতীয় খন এদিনীয়াত 21 বৰ্ষীয় খেলুৱৈ গৰাকীয়ে 20 ৰাণহে কৰিবলৈ সক্ষম হয় ৷ 4 নম্বৰত বেটিঙৰ বাবে নমা খেলুৱৈ গৰাকীয়ে 23 সংখ্যক অ'ভাৰত কাৰ্লোছ ব্ৰেথৱেইটৰ হাতত উইকেট হেৰুৱায় ৷
উল্লেখ্য যে, তিনিখনীয়া টি-20 শৃংখলাত তৃতীয় খন মেচত 65 ৰাণৰ ইনিংছ উপহাৰ দিছিল পন্তে ৷ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে খেলুৱৈ গৰাকীৰ পৰিৱৰ্তে মেনেজমেন্টক দোষাৰোপ কৰাও পৰিলক্ষিত হয় ৷
আন এজনে সুবিধাৰ সুপ্ৰয়োগ কৰা শ্ৰেয়াস আয়াৰক প্ৰশংসা কৰি তেওঁৰ পৰা কিছু শিকিবলৈ আহ্বান জনাই পন্তক ৷