স্পৰ্টছ ডেস্ক, 25 ফেব্ৰুৱাৰী :ভাৰতৰ বিৰুদ্ধে ইংলেণ্ডৰ অধিনায়ক জ' ৰোটে পাঁচটা উইকেট দখল কৰাৰ পাচতে মাইক্ৰ' ব্লগিং ছাইট টুইটাৰত টুইটৰ জোৱাৰ উঠে ৷ মোটেৰাৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰতক প্ৰথম ইনিংছত 145 ৰাণত আউট কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰে ৰোটে ৷ ৰোটে ফাইফাৰ দখল কৰাৰ পাচতে বিভিন্ন টুইটেৰে ভৰি পৰে টুইটাৰ ৷
এজন পাৰ্ট টাইম স্পীনাৰ হিচাপে বল কৰি ৰোটে দখল কৰে ফাইফাৰ ৷ ফলত ভাৰতে দ্বিতীয় দিনাৰ খেল আৰম্ভ কৰি কেৱল 46 ৰাণহে যোগ দিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, প্ৰথম দিনাৰ অন্তত ভাৰতে সংগ্ৰহ কৰিছিল 3 টা উইকেট হেৰুৱাই 99 ৰাণ ৷