স্পৰ্টছ ডেস্ক, 31 অক্টোবৰ:কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব ভাৰত-বাংলাদেশৰ মাজত প্ৰথমখন দিবা নৈশ মেচ ৷ 22 নৱেম্বৰৰ পৰা 26 নৱেম্বৰৰ লৈ চলিব দুখন মেচৰ টেষ্ট শৃংখলা ৷ যাৰ বাবে ইতিমধ্যে বিচিচিআইয়ে আৰম্ভ কৰিছে প্ৰস্তুতি ৷
প্ৰধানমন্ত্ৰী আৰু শচীন তেণ্ডুলকাৰক দিবা-নৈশ টেষ্টত আমন্ত্ৰণৰ চেষ্টা বিচিচিআইৰ - ডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব ভাৰত-বাংলাদেশৰ মাজত প্ৰথমখন দিবা নৈশ মেচ
22 নৱেম্বৰৰ পৰা 26 নৱেম্বৰৰ লৈ কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব ভাৰত-বাংলাদেশৰ মাজত প্ৰথম দিবা নৈশ মেচ ৷ এই টেষ্টত উপস্থিত থাকিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ৷ শেহতীয়াকৈ নৰেন্দ্ৰ মোডী আৰু শচীন তেণ্ডুলকাৰক আমন্ত্ৰণৰ চেষ্টা চলাইছে বিচিচিআইয়ে ৷
এই সন্দৰ্ভত বিচিচিআইৰ নৱ নিযুক্ত অধ্যক্ষ সৌৰভ গাংগুলীয়ে কয়, ভাৰতৰ দৃষ্টিভংগীৰে এইখন মেচ হ’ব ঐতিহাসিক ৷ সেয়েহে এই মেচখনক অধিক স্মৰণীয় কৰাৰ উদ্দেশ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰাক্তন মহান ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ দৰে গণ্য-মান্য ব্যক্তি উপস্থিতিৰ বাবে চেষ্টা চলাইছে বিচিচিআইয়ে ৷ সংবাদ মাধ্যমৰ আগত গাংগুলীয়ে কয়, আমি এই মেচখন আটকধুনীয়াকৈ পৰিচালিত কৰিম ৷ 3-4 দিনৰ ভিতৰত সম্পূৰ্ণ কাৰ্যসূচী প্ৰদান কৰা হ’ব বুলিও গাংগুলীয়ে জানিবলৈ দিয়ে ৷
উল্লেখ্য যে, ভাৰতৰ এইখন হ’ব প্ৰথমখন দিবা-নৈশ টেষ্ট মেচ ৷ বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰতীয় দলটো ৷ ইতিমধ্যে বাংলাদেশ দলটো ভাৰত আহি উপস্থিত হৈছে ৷ অহা তিনি নৱেম্বৰত ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টি-20 মেচত অৱতীৰ্ণ হ’ব বাংলাদেশ দলটো ৷