স্পৰ্টছ ডেস্ক,২১ মাৰ্চ: যোৱা ১১ মাৰ্চৰ পৰা আৰম্ভ হৈছে চিনিয়ৰ মহিলা এদিনীয়া ট্ৰফী-২০২১ । প্ৰতিযোগিতাখন দেশৰ ছয়খন চহৰ ক্ৰমে বেংগালুৰু, জয়পুৰ, ইন্দোৰ, চুৰাট, ৰাজকোট আৰু চেন্নাইৰ একাধিক স্থানত আয়োজন কৰা হৈছে । ৩৭ টা দলে অংশ লোৱা এই প্ৰতিযোগিতাত আশানুৰূপ প্ৰদৰ্শন দেখুৱাব নোৱাৰিৱেও শেহতীয়াকৈ হৈ যোৱা খেলত হায়দৰাবাদ দলক ১৮ ৰাণত পৰাস্ত কৰে ত্ৰিপুৰাৰ মহিলা দলটোৱে । অপেনাৰ মৌচেতি দেৱনাথ আৰু মধ্যক্ৰমৰ বেটছমেন হৃজু চাহাৰ উন্নত প্ৰদৰ্শনে মহিলা দলটোক প্ৰথমটো বিজয় সাব্যস্ত কৰাত সহায় কৰে । চুৰাটৰ এই জয় ত্ৰিপুৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল কাৰণ গ্ৰুপ পইন্টৰ তালিকাৰ শীৰ্ষত থকা হায়দৰাবাদক পৰাস্ত কৰিছে ত্ৰিপুৰা দলটোৱে ।
ত্ৰিপুৰা দলটোৱে প্ৰথমে বেটিং কৰি ৫০ অভাৰত পাঁচটা উইকেট হেৰুৱাই সৰ্বাধিক ২৩৯ ৰাণ সংগ্ৰহ কৰে । যিটো আছিল ট্ৰফীৰ ভিতৰত দলটোৰ সৰ্বাধিক ৰাণ । আনহাতে ত্ৰিপুৰাই বান্ধি দিয়া লক্ষ্যৰ অনুসৰণ কৰি হায়দৰাবাদ দলে নটা উইকেট হেৰুৱাই ২২১ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।