অসম

assam

ETV Bharat / sports

ত্ৰিপুৰাৰ 19 বছৰ অনুৰ্ধ্ব মহিলা ক্ৰিকেটাৰৰ মৃতদেহ উদ্ধাৰ বাসগৃহত - আয়ন্তি ৰিয়াংগ

নিজ বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ ত্ৰিপুৰাৰ 19 বছৰ অনুৰ্ধ্ব মহিলা ক্ৰিকেটাৰ আয়ান্তি ৰিয়াংগ মৃতদেহ । খেলুৱৈগৰাকীৰ মৃত্য়ুত শোক প্ৰকাশ ত্ৰিপুৰা ক্ৰিকেট সন্থাৰ । আত্মহত্যাৰ সন্দেহ । মৃত্যুৰ কাৰণ সম্পৰ্কে বৰ্তমানলৈ জানিব পৰা হোৱা নাই ।

tripura u 19 womens cricket team player ayanti renag found dead
tripura u 19 womens cricket team player ayanti renag found dead

By

Published : Jun 17, 2020, 7:52 PM IST

স্পৰ্টছ ডেস্ক, 17 জুনঃবলীউডৰ উদীয়মান অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্য়াৰ খবৰে সকলোকে আচম্বিত কৰি তোলাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই পুনৰ ক্ৰিকেট জগতৰ পৰা আহিছেআন এক দুঃখবৰ । প্ৰতিভাৱান তথা উদীয়মান ত্ৰিপুৰাৰ 19 বছৰ অনুৰ্ধ্ব ক্ৰিকেটাৰ আয়ান্তি ৰিয়াংগৰ আত্মহত্যা কৰাৰ সন্দেহ । নিজ বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ হৈছে আয়ান্তি ৰিয়াংগ নিথৰ মৃতদেহ ।

ত্ৰিপুৰাৰ 19 বছৰ অনুৰ্ধ্ব মহিলা ক্ৰিকেটাৰৰ মৃত্যু

বিগত এবছৰৰ ধৰি ত্ৰিপুৰা 19 বছৰ অনুৰ্ধ্ব মহিলা ক্ৰিকেটৰ সদস্য আছিল আয়ান্তি । আনকি ত্ৰিপুৰাহৈ 23 বছৰ অনুৰ্ধ্ব টি-20 প্ৰতিযোগিতাতো অংশ লৈছিল প্ৰতিভাৱান মহিলা ক্ৰিকেটাৰগৰাকীয়ে । পৰিয়ালত আটাইতকৈ কনিষ্ঠ আছিল আয়ান্তি ।

এক সংবাদ কাকতৰ মতে, 16 বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে মঙলবাৰে নিশা ছাদত চিপ লৈ আত্মহত্যা কৰিছে । অৱশ্য়ে বৰ্তমানলৈকে মৃত্যুৰ কাৰণ সম্পৰ্কত কোনো তথ্য জানিব পৰা হোৱা নাই ।

এই ঘটনাৰ পাচতেই ত্ৰিপুৰা ক্ৰিকেট সন্থাৰ সচিব তিমিৰ চান্দে খেলুৱৈগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰি ৰাজ্যই এগৰাকী প্ৰতিভাৱান খেলুৱৈ হেৰুৱালে বুলি উল্লেখ কৰে ।

চন্দাই কয়, আয়ান্তি 16 বছৰ অনুৰ্ধ্ব ক্ৰিকেটৰ পৰাই দলৰ সদস্য আছিল । এইটো এটা আশ্বৰ্যকৰ ঘটনা । এই খবৰে আমাক গভীৰ ভাৱে শোকৰ মাজত ঠেলি দিছে ।

ইপিনে কিবা মানসিক সমস্য়াত ভুগি আছিল নেকি খেলুৱৈগৰাকী বুলি প্ৰশ্ন কৰাত সচিবগৰাকীয়ে কয়, বিগত ছিজনত তেওঁ সম্পূৰ্ণ ৰূপে সুস্থ আছিল । তাৰ পাচত লক ডাউনৰ ফলত সকলো বন্ধ হৈ পৰিছিল । আমি কিছুমান অনলাইন শিক্ষাৰ ব্যৱস্থা কৰিছিলো যদিও কিবা পৰিয়াল কেন্দ্ৰিক সমস্য়া আছিল যদিও সেই বিষয়ে জ্ঞাত নাছিলো ।

লগতে চাওকঃ বাঘজানৰ তৈল কুণ্ডত বেইলী ব্ৰীজ নিৰ্মাণক লৈ সমীক্ষা আৰম্ভ ভাৰতীয় সেনাৰ

ABOUT THE AUTHOR

...view details