নিউজ ডেস্ক, ২১জুন: ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ক্ৰিকেটৰ মহাৰথী শচীন টেণ্ডুলকাৰ এনে এগৰাকী বেটছমেন আছিল যি গোটেই খেলখনকেই ধৰি ৰাখিবলৈ সক্ষম হৈছিল । বিৰোধী পক্ষইওঁ জানিছিল যদিহে শচীনক পেভিলিয়নলৈ ঘূৰাই পথাব পৰা যায়, তেন্তে জয় তেওঁলোকৰ পক্ষলৈ অহাটো নিশ্চিত । তাৰোপৰি শচীন টেণ্ডুলকাৰ বহুবাৰ এম্পায়াৰৰ ভূল সিদ্ধান্তৰো বলি হব লগা হৈছিল । টেণ্ডুলকাৰক সকলোতকৈ বেছি আউট ঘোষণা কৰা এম্পায়াৰ গৰাকী ষ্টিভ বাকনৰ( Steve Bucknor) । বহু কেইবছৰৰ অন্তত হলেওঁ অৱশেষত এতিয়া মুখ খুলিলে আইচিচিৰ প্ৰাক্তন এম্পায়াৰ ষ্টিভ বাকনৰে। দুবাৰকৈ ভূল সিদ্ধান্তৰে তেওঁ আউট কৰিছিল মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰক । ২০০৩ চনৰ গাবাৰ এখন খেলৰ কথা মনত পেলাই কলে, তেখেতে টেণ্ডুলকাৰক এল বি ডব্লিউ দি আউট কৰিছিল। সেয়া এক ভূল সিদ্ধান্ত আছিল বুলি কৈ বাকনৰে কলে, মানুহৰ কেতিয়াবা ভূল হৈ যায়। তেওঁ কলে জেচন গিলেস্পীৰ বল ষ্টাম্পৰ ওপৰেদিয়েই পাৰ হৈ গৈছিল। প্ৰাক্তন এম্পায়াৰ গৰাকীয়ে ২০০৫ চনৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামৰ আন এখন খেলত আব্দুল ৰজ্জাকৰ বলত শচীন টেণ্ডিলকাৰক কেচ আউট দিছিল ।
বাৰবাড'চৰ "মেচন এণ্ড গেষ্ট" শীৰ্ষক এটা ৰেডিঅ'ৰ অনুস্থানত কলে, ভূল শিদ্ধান্তৰে শচীনক তেওঁ দুবাৰকৈ আউট ঘোষণা কৰিছিল। কোনো এম্পায়াৰে জানি শুনি ভূল সিদ্ধান্ত দিব নিবিচাৰে। এই ভূল তেওঁৰ লগতে থাকি যায় ফলত ভবিষ্যতটোৱেই তেওঁৰ অন্ধকাৰময় হৈ পৰে ।