অসম

assam

ETV Bharat / sports

ইংলেণ্ড ভ্ৰমণসূচীলৈ যোৱাৰ বাবে অমান্তি ৱেষ্ট ইণ্ডিজৰ তিনি খেলুৱৈৰ - ইংলেণ্ড যোৱাৰ বাবে অমান্তি ৱেষ্ট ইণ্ডিজৰ তিনি খেলুৱৈৰ

COVID-১৯ মহামাৰী পাচতেই ইংলেণ্ডৰ গৃহভূমিত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত অৱতীৰ্ণ হ'ব ৱেষ্ট ইণ্ডিজ । কিন্তু এই ভ্ৰমণ সূচীত যাবলৈ অমান্তি তিনি ৱেষ্ট ইণ্ডিজ খেলুৱৈৰ ।

three windies players refuse to travel for england test series
three windies players refuse to travel for england test series

By

Published : Jun 3, 2020, 8:46 PM IST

স্পৰ্টছ ডেস্ক, 3 জুনঃ ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ মাজত অহা জুলাই মাহত অনুষ্ঠিত হ'ব তিনিখন মেচৰ টেষ্ট শৃংখলা । ইতিমধ্যে এই শৃংখলাক লৈ অনুমতি প্ৰদান কৰিছে ক্ৰিকেট ৱেষ্ট ইণ্ডিজে । দৰ্শক বিহীন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই সমূহ মেচ । অৱশ্যে ব্ৰিটেইন চৰকাৰৰ পৰা মেচ অনুষ্ঠিত কৰিবলৈ অনুমতি লাভৰ ওপৰত এতিয়া এই শৃংখলাৰ আয়োজন বহু পৰিমাণে নিৰ্ভৰ কৰিছে ।

ইংলেণ্ড ভ্ৰমণসূচীলৈ যোৱাৰ বাবে অমান্তি ৱেষ্ট ইণ্ডিজৰ তিনি খেলুৱৈৰ

কিন্তু শেহতীয়াকৈ এই শৃংখলাৰ বাবে ইংলেণ্ড ভ্ৰমণলৈ যোৱাৰ বাবে অসন্মতি প্ৰকাশ কৰাৰ কথা পোহৰলৈ আহিছে ৱেষ্ট ইণ্ডিজৰ তিনি খেলুৱৈৰ । কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে তিনি খেলুৱৈয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে । বৰ্তমান লৈকে এই তিনিগৰাকী খেলুৱৈ কোন জানিব পৰা হোৱা নাই ।

ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব'ৰ্ডৰ অনুসৰি ৱেষ্ট ইণ্ডিজ আৰু ইংলেণ্ডৰ মাজত অহা জুলাই মাহত তিনিখন মেচৰ টেষ্ট শৃংখলা অনুষ্ঠিত হ'ব । 8 জুলাইৰ পৰা আৰম্ভ হ'ব শৃংখলাৰ প্ৰথমখন মেচ ।

লগতে চাওকঃ পদপথৰ জীৱ-জন্তুক খাদ্য যোগান ধৰা মহিলালৈ ৰাষ্ট্রীয় বঁটা

ABOUT THE AUTHOR

...view details