স্পৰ্টছ ডেস্ক, 1 ছেপ্তেম্বৰঃ শেহতীয়াকৈ টেষ্ট ক্ৰিকেটত হেট-ট্ৰিক অৰ্জন কৰাৰ তালিকাত নিজৰ নাম অন্তৰ্ভূক্ত কৰাবলৈ সক্ষম হ'ল ভাৰতীয় বেগী বলাৰ জছপ্ৰীত বোমৰাই ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে কিংগছ্টনত চলি থকা দ্বিতীয়খন টেষ্টত হেট-ট্ৰিক অৰ্জন কৰি এই কৃতিত্ব লাভ কৰিছে প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে ৷ অৱশ্যে টেষ্টত ভাৰতৰ হৈ হেট-ট্ৰিক অৰ্জন কৰা প্ৰথমগৰাকী খেলুৱৈ নহয় বোমৰাহ ৷ ইয়াৰ পূৰ্বে টেষ্ট ক্ৰিকেটৰ ইতিহাসত ভাৰতৰ হৈ হেট-ট্ৰিক অৰ্জন কৰিবলৈ সক্ষম হৈছিল আন দুজন ভাৰতীয় বলাৰ ৷ এই দুই খেলুৱৈ হৈছে প্ৰাক্তন টেষ্ট ক্ৰিকেটাৰ হৰভজন সিং আৰু ইৰফান পাঠান ৷ ক’ত, কেতিয়া আৰু কোনগৰাকী খেলুৱৈৰ উইকেট দখলেৰে হেট্-ট্ৰিক অৰ্জন কৰিছিল এই দুই খেলুৱৈয়ে..
হৰভজন সিংঃটেষ্ট ক্ৰিকেটত ভাৰতৰ হৈ প্ৰথমবাৰৰ বাবে হেট-ট্ৰিক অৰ্জন কৰিবলৈ সক্ষম হৈছিল অফ্ স্পিনাৰ হৰভজন সিং ৷ 2001 চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টৰ অষ্ট্ৰেলিয়াৰ প্ৰথমখন ইনিংছত এই কৃতিত্ব লাভ কৰিছিল ভাৰতীয় প্ৰাক্তন খেলুৱৈগৰাকীয়ে ৷ ঐতিহাসিক মেচখনত হৰভজন সিঙৰ হেট-ট্ৰিকৰ চিকাৰ হৈছিল অষ্ট্ৰেলিয়াৰ অধিনায়ক ৰিকী পণ্টিং (6), এডাম গিলখ্ৰীষ্ট (0) আৰু শ্বেন ৱাৰ্ণ (0) ৷ মেচখনত 171 ৰানত জয় লাভ কৰিবলৈ সক্ষম হৈছিল ভাৰতে ৷ হৰভজনৰ হেট-ট্ৰিকৰ লগতে এই টেষ্ট মেচখন ভাৰতৰ দ্বিতীয় ইনিংছত ভিভিএছ লক্ষ্মণৰ দ্বি-শতক আৰু ৰাহুল দ্ৰাৱিড়ৰ শতকীয় ইনিংছৰ বাবেও স্মৰণীয় ৷ উল্লেখ্য যে, ভাৰত খেলখনত ফল'অনৰ সন্মূখীন হৈয়ো বিজয়ৰ মুখ দেখিবলৈ সক্ষম হৈছিল ৷