অসম

assam

নটৰাজনক 'মেন অৱ দা মেচ' ঘোষণা কৰিব বুলি ভাবিছিলো : হাৰ্ডিক

By

Published : Dec 7, 2020, 10:15 AM IST

দ্বিতীয় মেচত দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা হাৰ্ডিক পাণ্ডিয়াই প্ৰশংসা আগবঢ়াইছে যুৱ বলাৰ টি. নটৰাজনৰ ৷ চাৰি অ'ভাৰত 20 ৰাণ দি দুটা উইকেট সংগ্ৰহ কৰিছিল নটৰাজনে ৷

IND vs AUS
হাৰ্ডিক পাণ্ডিয়া

স্পৰ্টছ ডেস্ক, 7 ডিচেম্বৰ : দ্বিতীয় টি-20 মেচত দূৰ্দান্ত প্ৰদৰ্শনেৰে অল ৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াই 'মেন অৱ দা মেচ'ৰ সন্মান লাভৰ পাচতে টি. নটৰাজন সম্পৰ্কত মন্তব্য কৰে ৷ দ্বিতীয় টি-20 ত 22 বলত 42 ৰাণৰ ইনিংছ গঢ়িছিল পাণ্ডিয়াই ৷ আনহাতে, টি. নটৰাজনে চাৰি অ'ভাৰত 20 ৰাণ দি দুটা উইকেট সংগ্ৰহ কৰিছিল ৷ অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে সংগ্ৰহ কৰিছিল 194 ৰাণ ৷

হাৰ্ডিক পাণ্ডিয়া আৰু শ্ৰেয়াস আয়াৰ

পাণ্ডিয়াই কয়, "মই কৈছিলো তেওঁ (নটৰাজন) মেন অৱ দা মেচ হোৱা উচিত কিন্তু তেওঁলোকে ক'লে যে, এয়া বেটছমেনৰ মেচ ৷ যেতিয়া ৰাণ ৰেট অধিক হৈ আছিল তেওঁ অষ্ট্ৰেলিয়াৰ বেটছমেনক কম ৰাণ দিছিল ৷ তেওঁ 10-15 ৰাণ কমকৈ দিয়া বাবে বৃহৎ প্ৰাৰ্থক্য আহিছিল ৷ ড্ৰেছিং ৰুমলৈ গৈয়ে মই কৈছিলো যে, যিহেতু তেওঁলোকে 10-15 ৰাণ কমকৈ কৰিছে সেয়েহে আমি সাধাৰণ ক্ৰিকেট খেলিলেই জয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ম ৷"

নটৰাজনে মইছেচ হেনৰিকছ আৰু ডিআৰকিৰ উইকেট দখল কৰিছিল ৷ উল্লেখ্য যে, আইপিএলত ছানৰাইজাৰ্ছ হাইদৰাবাদক প্ৰতিনিধিত্ব কৰা বাওঁহতীয়া পেচাৰ টি. নটৰাজনে শুকুৰবাৰৰ প্ৰথম মেচত 30 ৰাণ দি সংগ্ৰহ কৰিছিল 3 টাকৈ উইকেট ৷

হাৰ্ডিকে লগতে কয়, "সঁচাকৈ ক'বলৈ হ'লে তেওঁ সাধাৰণকৈ মেচত অংশগ্ৰহণ কৰে ৷ তেওঁ য়ৰ্কাৰ দিবলৈ ক'লে য়ৰ্কাৰ বল দিয়ে আৰু ধীৰ গতিৰ বল দিবলৈ ক'লে ধীৰ গতিৰ বল কৰে ৷"

লগতে পঢ়ক :ISL 2020 : 3-1 ব্যৱধানত কেৰালা ব্লাষ্টাৰ্ছক পৰাস্ত গোৱাৰ

ABOUT THE AUTHOR

...view details