অসম

assam

ETV Bharat / sports

ভাৰতীয় ক্ৰিকেটৰ নৱতম কোটিপতি শ্বাহৰুখ খান... - ভাৰতীয় ক্ৰিকেটৰ নৱতম কোটিপতি শ্বাহৰুখ খান

বৃহস্পতিবাৰে আইপিএলৰ নিলামত 5.25 কোটি টকাত নিলাম হ'ল তামিলনাডুৰ ক্ৰিকেটাৰ শ্বাহৰুখ খান ৷ পাঞ্জাৱ কিংছ দলে ক্ৰয় কৰে অল ৰাউণ্ডাৰ গৰাকীক ৷

শ্বাহৰুখ খান
শ্বাহৰুখ খান

By

Published : Feb 19, 2021, 6:12 PM IST

স্পৰ্টছ ডেস্ক, 19 ফ্ৰেব্ৰুৱাৰী : প্ৰায় 10 বছৰ পূৰ্বে প্ৰাক্তন ভাৰতীয় অধিনায়ক এম এছ ধোনীৰ নেতৃত্বত চেন্নাই চুপাৰ কিংছ দল আইপিএলৰ সৰ্বাধিক শক্তিশালী দল হিচাপে বিবেচিত হোৱাৰ সময়তে চেন্নাই দলত খোজ ৰাখিছিল তামিনলাডুৰ বেটছমেন শ্বাহৰুখ খানে ৷

বৃহস্পতিবাৰে আইপিএলৰ নিলামত 5.25 কোটি টকাত এইগৰাকী যুৱ ক্ৰিকেটাৰক ক্ৰয় কৰে পাঞ্জাৱ কিংছে ৷

বলীউদ তাৰকা শ্বাহৰুখ খানৰ সৈতে নামৰ সামঞ্জস্য থকা 25 বৰ্ষীয় খানে 14 বছৰ বয়সতে চেন্নাই চুপাৰ কিংছ জুনিয়ৰ টুৰ্ণামেন্টত শ্ৰেষ্ঠ অল ৰাউণ্ডাৰৰ সন্মান লাভ কৰিছিল ৷

শ্বাহৰুখ খান

এক নিউজ এজেন্সীক বৃহস্পতিবাৰে নিলামৰ পাচতে শ্বাহৰুখে কয়, "মোৰ মাহী শ্বাহৰুখ খানৰ অনুৰাগী, সেয়েহে মোৰ নাম তেওঁলোকে শ্বাহৰুখ খান ৰাখিছিল ৷"

উল্লেখ্য যে, সদ্য সমাপ্ত টি-20 ছৈয়দ মুস্তাক আলি ট্ৰফীত সীমিত সুযোগ লাভ কৰিয়ে চেম্পিয়ন তামিলনাডু দলৰ হৈ ভাল প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছিল খানে ৷

টি-20 ছৈয়দ মুস্তাক আলি ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেলত হিমাচল প্ৰদেশৰ বিৰুদ্ধে খানে কেৱল 19 বলত সংগ্ৰহ কৰিছিল 40 ৰাণ ৷ আনহাতে, বৰোডাৰ বিৰুদ্ধে ফাইনেল মেচত 7 বলত 18 ৰাণ সংগ্ৰহ কৰিছিল শ্বাহৰুখে ৷

খানে কয়, "মই ভাবো যে, মোৰ বিগ হিটৰ ক্ষমতা আছে কিয়নো মই নিজকে এনেদৰে প্ৰস্তুত কৰিছো ৷ ইয়াৰ বাবে মই কঠোৰ পৰিশ্ৰম কৰিছো আৰু পূৰ্বতকৈ উন্নত প্ৰদৰ্শন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছো ৷"

"মই 13 অনুৰ্ধৰ পৰা খেলিবলৈ আৰম্ভ কৰিছো আৰু ক্ৰিকেটক কেৰিয়াৰ হিচাপে ল'ব পাৰিম বুলি মই আশাবাদী আছিলো ৷ সেই সময়ত মই বহু ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিলো ৷ ইয়াৰ পৰা মই উপকৃত হৈছিলো আৰু পৰৱৰ্তী সময়ত আৰু ভাল প্ৰদৰ্শন কৰিবলৈ ই মোক সহায় কৰিব ৷"

উল্লেখ্য যে, চেন্নাইৰ ক্ৰিকেটাৰগৰাকীয়ে অফ স্পীন কৰাৰ লগতে এজন দক্ষ ফিল্ডাৰ হিচাপেও বিবেচিত হৈছে ৷

শ্বাহৰুখক 15 বছৰ বয়সলৈকে প্ৰাৰম্ভিক পৰ্যায়ত প্ৰশিক্ষণ প্ৰদান কৰিছিল বৰ্তমান তামিলনাডু দলৰ জ্যেষ্ঠ নিৰ্বাচক আৰ. ভেংকটেশে ৷ তেওঁ কয় যে, সৰুৰে পৰাই খান এজন ভাল অল ৰাউণ্ডাৰ আছিল ৷

আৰ. ভেংকটেশে কয়, "তেওঁ এজন ভাল অল ৰাউণ্ডাৰ আছিল আৰু সৰুৰে পৰাই বিগ হিট কৰিবলৈ সক্ষম হৈছিল ৷ অতি কম বয়সৰে পৰাই তেওঁ শক্তিশালী আছিল ৷ বিভিন্ন টুৰ্ণামেন্টত তেওঁ তামিলনাডুৰ হৈ দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল ৷"

ভেংকটেশে কয়, "আমি আগৰ পৰাই জানিছিলো যে, এই ছিজনত তেওঁৰ প্ৰদৰ্শনৰ বাবেই আইপিএলত বিশাল দৰত নিলাম হ'ব ৷ তেওঁ দীঘলীয়া ফৰমেটতো খেলিব পাৰিব ৷ যিকোনো পৰিস্থিতিৰ সৈতে তেওঁ সামঞ্জস্য ৰাখিবলৈ সক্ষম ৷ চেন্নাই লীগত তেওঁ ইণ্ডিয়া টিমেন্ট দলৰ হৈ খেলিছিল ৷"

উল্লেখ্য যে, খানৰ পিতৃও এজন ক্ৰিকেটাৰ আছিল ৷

লগতে পঢ়ক :মই শিশুকালৰে পৰাই মুম্বাই ইণ্ডিয়ানছৰ অনুৰাগী: অৰ্জুন তেণ্ডুলকাৰ

ABOUT THE AUTHOR

...view details