স্পৰ্টছ ডেস্ক, 13 নৱেম্বৰ :2014 বৰ্ষৰ আজিৰ দিনটোতে ভাৰতীয় অপেনিং বেটছমেন ৰোহিত শৰ্মাই এদিনীয়াত সৰ্বাধিক ব্যক্তিগত ৰাণ সংগ্ৰহ কৰিছিল ৷ 'হিটমেন' হিচাপে পৰিচিত ৰোহিতে কলকাতাৰ ইডেন গাৰ্ডেনত শ্ৰীলংকাৰ বিৰুদ্ধে 264 ৰাণৰ ইনিংছ গঢ়িছিল ৷ আজি পৰ্যন্ত এই স্কৰ 50 অ'ভাৰৰ ফৰমেটৰ সৰ্বাধিক ব্যক্তিগত স্কৰ হিচাপে পৰিগণিত হৈ আছে ৷
সেই মেচত সোঁহতীয়া বেটছমেনগৰাকীয়ে 4 ৰাণত জীৱনদান পোৱাৰ পাচত শ্ৰীলংকাৰ বলাৰক ধৰাশায়ী কৰি আৰু 260 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷ ব্যক্তিগতভাৱে এদিনীয়াত 8 বাৰ 200 ৰাণ সংগ্ৰহ কৰিছে বহুকেইজন ক্ৰিকেটাৰে ৷ ইয়াৰে তিনিবাৰ এই সফলতা অৰ্জন কৰিছে ৰোহিত শৰ্মাই ৷ 2014 চনত 264 ৰাণ আৰু 2017 চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 208 ৰাণৰ ইনিংছ গঢ়িছিল ৰোহিতে ৷ আনহাতে, প্ৰথমবাৰ 2013 চনত তেওঁ দ্বিশতক অৰ্জন কৰিছিল বেংগালুৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৷ সেই মেচত 158 বলত 209 ৰাণ সংগ্ৰহ কৰিছিল ৰোহিত শৰ্মাই ৷
50 অ'ভাৰৰ ফৰমেটত প্ৰথমটো দ্বিশতক অৰ্জন কৰিছিল প্ৰাক্তন ভাৰতীয় বেটছমেন শচীন তেণ্ডুলকাৰে ৷ 2010 চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এই অভিলেখ অৰ্জন কৰিছিল শচীনে ৷