স্পৰ্টছ ডেস্ক, 22 জুনঃ ইংলেণ্ডৰ প্ৰথম অশ্বেত মহিলা ক্ৰিকেটাৰ এবনী ৰেনফৰ্ড ব্ৰেণ্টে দেওবাৰে প্ৰদান কৰে এক গুৰুত্বপূৰ্ণ মন্তব্য় । খেলুৱৈগৰাকীয়ে কয়, ফুটবলৰ তুলনাত মহিলা ক্ৰিকেটত বৈচিত্ৰতাৰ অভাৱ দেখা পোৱা যায় ।
ইংলেণ্ড হৈ খেলা চাৰিগৰাকী কৃষ্ণাংগ, এছিয়ান আৰু সংখ্যালঘু জাতীয় মহিলাৰ ভিতৰত অন্য়তম হৈছে ৰেনফৰ্ড ব্ৰেণ্ট । চাৰেৰ মহিলা ক্ৰিকেটৰ নিৰ্দেশক ব্ৰেণ্টে সংখ্যালঘু খেলুৱৈৰ অংশীদাৰিত্ব বৃদ্ধিৰ কৰাৰ বাবে এটা জলপানী কাৰ্যক্ৰমৰো আৰম্ভ কৰিছে । প্ৰথম অৱস্থাত 12 খন জলপানীৰ তৈয়াৰ কৰা হৈছিল যদিও ঋণৰ ৰাশিৰ বাবেই পিচত ইয়াক বৃদ্ধি কৰি দুগুণ কৰা হয় । ইষা গুহা, ছোনীয়া অডেদৰা আৰু ছোফিয়া ডংকলে হৈছে ইংলেণ্ডৰ হৈ খেলা অন্য় BAME মহিলা ।