অসম

assam

By

Published : Sep 13, 2019, 8:45 PM IST

ETV Bharat / sports

এই সন্মানৰ বাবে ধন্যবাদ, পেভিলিয়ন নামাকৰণৰ পাছতে কোহলীৰ মন্তব্য

নতুনকৈ নামাকৰণ কৰা 'অৰুণ জেটলী ষ্টেডিয়াম'ত এটা পেভিলিয়নৰ নামাকৰণ কৰা হৈছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ নামেৰে ৷ ইয়াৰ পাছতে কোহলীয়ে ধন্যবাদ জ্ঞাপন কৰিছে দিল্লী ক্ৰিকেট এছ'চিয়েছনক ৷ 30 বৰ্ষীয় খেলুৱৈ গৰাকীয়ে ইনষ্টাগ্ৰামৰ জৰিয়তে ভাৰতীয় ক্ৰিকেট দল আৰু দিল্লী ক্ৰিকেট এছ'চিয়েছনক এই সন্মান প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

এই সন্মানৰ বাবে ধন্যবাদ, পেভিলিয়ন নামাকৰণৰ পাছতে কোহলীৰ মন্তব্য

স্পৰ্টছ ডেস্ক, 13 ছেপ্তেম্বৰ : নতুনকৈ নামাকৰণ কৰা 'অৰুণ জেটলী ষ্টেডিয়াম'ত এটা পেভিলিয়নৰ নামাকৰণ কৰা হৈছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ নামেৰে ৷ ইয়াৰ পাছতে কোহলীয়ে ধন্যবাদ জ্ঞাপন কৰিছে দিল্লী ক্ৰিকেট এছ'চিয়েছনক ৷

30 বৰ্ষীয় খেলুৱৈ গৰাকীয়ে ইনষ্টাগ্ৰামৰ জৰিয়তে ভাৰতীয় ক্ৰিকেট দল আৰু দিল্লী ক্ৰিকেট এছ'চিয়েছনক এই সন্মান প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ ক্ৰিকেট তথা জীৱন যাত্ৰাত তেওঁ এই সন্মানৰ কথা মনত ৰাখিব বুলি মন্তব্য কৰে কোহলীয়ে ৷ ইয়াৰ জৰিয়তে ভৱিষ্যৎ প্ৰজন্মৰ ক্ৰিকেটাৰ সকলে অনুপ্ৰেৰণা লাভ কৰাৰ আশা প্ৰকাশ কৰে বিস্ফোৰক বেটছমেন গৰাকীয়ে ৷

দিল্লী ক্ৰিকেট এছ'চিয়েছনৰ এক অনুষ্ঠান
উপস্থিত ভাৰতীয় ক্ৰিকেটাৰ

উল্লেখ্য যে, পেভিলিয়নৰ নামৰ লগতে ষ্টেডিয়ামৰ নাম ফিৰোজ শ্বাহ কোটলাৰ পৰা অৰুণ জেটলী ষ্টেডিয়াম ৰাখিবৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল ৷ এই অনুষ্ঠানত উপস্থিত আছিল দিল্লী ক্ৰিকেট এছ'চিয়েছনৰ সভাপতি ৰজত শৰ্মা, ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজু আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ৷ ভাৰতীয় ক্ৰিকেট দলৰ বহু কেইজন খেলুৱৈ উপস্থিত থকা এই অনুষ্ঠানত কোহলীৰ পত্নী তথা বলীউদৰ মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মাও উপস্থিত আছিল ৷

বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা

ABOUT THE AUTHOR

...view details