স্পৰ্টছ ডেস্ক, 19 আগষ্ট : ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব'ৰ্ডে (ECB) মঙলবাৰে পাকিস্তানৰ বিৰুদ্ধে তিনিখনীয়া টি-20 মেচৰ 14 জনীয়া স্কোৱাড ঘোষণা কৰে ৷ গুৰুত্বপূৰ্ণভাৱে পাকিস্তানৰ বিৰুদ্ধে টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰি থকা খেলুৱৈক টি-20 দলত অন্তৰ্ভূক্ত কৰা নাই ৷
উল্লেখ্য যে, মানচেষ্টাৰৰ অ'ল্ড ট্ৰেফৰ্ডত 28 আগষ্টৰ পৰা টি-20 ছিৰিজ আৰম্ভ হ'ব ৷ এই দলটোৰ অধিনায়ক হ'ব ইয়ন মৰ্গান ৷ মিডলছেক্সৰ অল ৰাউণ্ডাৰ লিয়াম দোছন আৰু বেটছমেন জেমছ ভিন্সে এই দলত স্থান লাভ কৰিবলৈ সক্ষম নহ'ল ৷
আনহাতে, অল ৰাউণ্ডাৰ লিৱিছ গ্ৰেগৰী আৰু বেগী বলাৰ ক্ৰিছ জৰ্ডানে দলত স্থান লাভ কৰাৰ লগতে অতিৰিক্ত খেলুৱৈ হিচাপে বেগী বলাৰ ৰিচী টোপলেক স্থান প্ৰদান কৰা হৈছে ৷
এই সম্পৰ্কত ৰাষ্ট্ৰীয় নিৰ্বাচনক এড স্মিথে কয়, "পাকিস্তানৰ বিৰুদ্ধে টেষ্ট ছিৰিজত অংশগ্ৰহণ কৰা খেলুৱৈসকলক টি-20 দলত নিৰ্বাচিত কৰা হোৱা নাই ৷ চূড়ান্ত টেষ্ট মেচৰ তিনিদিন পাচতে টি-20 ছিৰিজৰ প্ৰথমখন মেচ অনুষ্ঠিত হ'ব ৷ আটাইকেইটা ফৰমেটৰ ক্ৰিকেটাৰক অলপ আৰাম প্ৰদান কৰিব খুজিছো যদিও আমি এটা শক্তিশালী দল নিৰ্বাচিত কৰি উলিয়াইছো ৷"
পাকিস্তানৰ বিৰুদ্ধে টি-20 ছিৰিজৰ বাবে টেষ্ট খেলুৱৈক বিৰাম ইংলেণ্ডৰ ইংলেণ্ডৰ স্কোৱাড : ইয়ন মৰ্গান (অধিনায়ক), মইন আলি, জনী বেয়াৰষ্ট', টম বেন্টন, ছেম বিলিংছ, টম কাৰান, জ' ডেনলি, লিৱিছ গ্ৰেগৰী, ক্ৰিছ জৰ্ডান, ছাকিব মহম্মদ, ডাৱিদ মালান, আদিল ৰছিদ, জেছন ৰয় আৰু ডেভিদ উইলী ৷
লগতে পঢ়ক :চেতন চৌহানৰ মৃত্যুত টুইটাৰত শোকৰ বন্যা