অসম

assam

ETV Bharat / sports

শচীনৰ নামত খোদিত হ’ল ‘লাৰেছ স্পৰ্টিং মুমেণ্ট এৱাৰ্ড’ - Sachin Tendulkar

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ত্যাগ কৰা শচীন তেণ্ডুলকাৰৰ নামত সংযোজিত হ’ল আন এক বঁটা ৷ ক্ৰিকেটৰ ভগৱান হিচাপে খ্যাত তেণ্ডুলকাৰে লাভ কৰিলে দুটা দশকৰ লাৰেছ স্পৰ্টিং মুমেণ্ট এৱাৰ্ড ৷

Laureus Sporting Moment ,শচীন তেণ্ডুলকাৰ, লাৰেছ স্পৰ্টিং মুমেণ্ট এৱাৰ্ড,
শচীনৰ নামত খোদিত হ’ল ‘লাৰেছ স্পৰ্টিং মুমেণ্ট এৱাৰ্ড’

By

Published : Feb 18, 2020, 11:57 AM IST

স্পৰ্টছ ডেস্ক, 18 ফেব্ৰুৱাৰীঃ2000-2020বৰ্ষৰলাৰেছ 20 স্পৰ্টিং মুমেণ্ট এৱাৰ্ডলাভ কৰিবলৈ সক্ষম হ’ল ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে ৷ জাৰ্মানীৰ ৰাজধানী বাৰ্লিনত আয়োজিত লাৰেছ ৱৰ্ল্ড স্পৰ্টিং মুমেণ্ট এৱাৰ্ডৰ অনুষ্ঠানত শ্ৰেষ্ঠ স্পৰ্টিং মুমেণ্ট শাখাত এই খিতাপ জয় কৰিবলৈ সক্ষম হয় মহান খেলুৱৈগৰাকীয়ে ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা শচীন তেণ্ডুলকাৰৰ নামত খোদিত হ’ল অন্য এক বঁটা ৷

2011 ত বিশ্বকাপৰ জয়ৰ মূহুৰ্ত

উল্লেখ্য যে, ‘2011 বিশ্বকাপ উইনিং মুমেণ্ট’ৰ বাবে তেণ্ডুলকাৰক মনোনিত কৰা হৈছিল ৷ য’ত বহু কেইটা তাৰকা খেলুৱৈক পিচ পেলাই এই বঁটাৰ অধিকাৰী হয় শচীন ৷ মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বতেই 2011 বৰ্ষত সুদীৰ্ঘ 28 বছৰ পাচত ভাৰতে দ্বিতীয়বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় এদিনীয়া বিশ্বকাপৰ খিতাপ জয় লাভ কৰিবলৈ সক্ষম হৈছিল ৷ শচীন তেণ্ডুলকাৰৰ ক্ৰিকেট কেৰিয়াৰৰ এইটো আছিল অন্তিমটো বিশ্বকাপ ৷

জাৰ্মানীৰ ৰাজধানী বাৰ্লিনত আয়োজিত লাৰেছ স্পৰ্টিং মুমেণ্ট এৱাৰ্ড অনুষ্ঠান
  • লগতে চাওক- ৱাকু ইণ্ডিয়া অ’পেন আন্তঃৰাষ্ট্ৰীয় কিক্ বক্সিংত পদক অৰ্জন কৰা খেলুৱৈক

ABOUT THE AUTHOR

...view details