অসম

assam

ETV Bharat / sports

90 বছৰীয়া হ'ল লতা মংগেশকাৰ : শুভেচ্ছা প্ৰেৰণ তেণ্ডুলকাৰৰ

প্ৰাক্তন ক্ৰিকেটাৰ শচীনে তেণ্ডুলকাৰে কিংবদন্তি গায়িকা লতা মংগেশকাৰৰ 90 সংখ্যক জন্মদিন উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰে ৷ টুইটাৰৰ জৰিয়তে মাষ্টাৰ ব্লাষ্টাৰগৰাকীয়ে এক ভিডিঅ' প্ৰকাশ কৰি শুভেচ্ছা জ্ঞাপন কৰে ৷

By

Published : Sep 28, 2019, 2:22 PM IST

Updated : Sep 29, 2019, 11:25 AM IST

লতা মংগেছকাৰ আৰু শচীন তেণ্ডুলকাৰ

স্পৰ্টছ ডেস্ক, 28 ছেপ্টেম্বৰ : প্ৰাক্তন ক্ৰিকেটাৰ শচীনে তেণ্ডুলকাৰে কিংবদন্তি গায়িকা লতা মংগেশকাৰৰ 90 সংখ্যক জন্মদিন উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰে ৷ টুইটাৰৰ জৰিয়তে মাষ্টাৰ ব্লাষ্টাৰগৰাকীয়ে এক ভিডিঅ' প্ৰকাশ কৰি লিখে, "আপোনাৰ 90 সংখ্যক জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰিছো ৷ সঁচা অৰ্থত ক'বলৈ গ'লে মই প্ৰথমবাৰ কেতিয়া আপোনাৰ গান শুনিছিলো পাহৰিলো ৷ কিন্তু এনেকুৱা এটা দিন নাই যেতিয়া মই আপোনাৰ গান শুনা নাই ৷ আপুনি সদায়ে মোৰ ওপৰত আশীৰ্বাদ কৰি আহিছে ৷ 'টু জাহা জাহা চলেগা' গীতৰ কবিতা ফাঁকি হাতেৰে লিখি মোক উপহাৰ কৰা এতিয়াও মনত আছে ৷ এই উপহাৰটো মই সদায় মনত ৰাখিম ৷"

কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহেও শুকুৰবাৰে লতা মংগেশকাৰৰ ফ'টোখচিত এখনি সংকলন প্ৰস্তুত কৰি উলিয়ায় ৷ লতা মংগেশকাৰৰ ভগ্নী উষা মংগেছকাৰৰ উপস্থিতিত এই সংকলন প্ৰকাশ কৰা হয় ৷

90 বছৰীয়া হ'ল লতা মংগেছকাৰ

1942 চনত সংগীত জগতত আত্মপ্ৰকাশ কৰা কিংবদন্তি গায়িকাগৰাকীয়ে তিনিটাকৈ ৰাষ্ট্ৰীয় বোলছবি বঁটা, 12 টা বেংগল সাংবাদিক এছ'চিয়েছন বঁটা, চাৰিটাকৈ ফিল্মফেয়াৰ শ্ৰেষ্ঠ মহিলা গায়িকা বঁটা আৰু বহুসংখ্যক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ 'লগ যা গলে' গায়িকাগৰাকীক 'নাইটিংগেল অৱ ইণ্ডিয়া' বুলিও জনা যায় ৷ হাজাৰোধিক হিন্দী বোলছবিত নিজৰ সুৰৰ যাদু বিয়পোৱা মংগেশকাৰে প্ৰায় 36 টাকৈ আঞ্চলিক ভাষাৰ লগতে বিদেশী ভাষাতো কন্ঠ নিগৰাইছে ৷

প্ৰয়াত ভাৰতীয় সংগীতজ্ঞ এম. এছ. সুবুলক্ষ্মীৰ পাছতে 'ভাৰত ৰত্ন' সন্মান লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় গায়িকা হিচাপে চিহ্নিত হৈছে লতা মংগেশকাৰ ৷

Last Updated : Sep 29, 2019, 11:25 AM IST

ABOUT THE AUTHOR

...view details