অসম

assam

ETV Bharat / sports

শচীন তেণ্ডুলকাৰক হাস্পতালৰ পৰা দিয়া হৈছে অব্যাহতি - ক'ভিড-19

বৃহস্পতিবাৰে হাস্পতালৰ পৰা অব্যাহতি দিয়া হয় ক'ভিড-19 ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা প্ৰাক্তন ভাৰতীয় অধিনায়ক তথা লিটল মাষ্টাৰ খ্যাত শচীন তেণ্ডুলকাৰ ৷ হাস্পতালৰ পৰা অব্যাহতি লৈ ঘৰত উপস্থিত হৈয়ে ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে টুইটযোগে তেওঁৰ অনুৰাগী সকলৰ লগতে হাস্পতাল কতৃপক্ষকো ধন্যবাদ জনাই ৷

শচীন তেণ্ডুলকাৰক হাস্পতালৰ পৰা দিয়া হৈছে অব্যাহতি
শচীন তেণ্ডুলকাৰক হাস্পতালৰ পৰা দিয়া হৈছে অব্যাহতি

By

Published : Apr 8, 2021, 8:35 PM IST

স্পৰ্টছ ডেস্ক, 8 এপ্ৰিল:বিগত কিছুদিন পূৰ্বে ক'ভিড-19 ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ক্ৰিকেটৰ প্ৰাক্তন ভাৰতীয় অধিনায়ক তথা লিটল মাষ্টাৰ খ্যাত শচীন তেণ্ডুলকাৰ ৷

সতৰ্কতা মূলক ব্যৱস্থা হিচাপে চিকিৎসালয়ত ভৰ্তি কৰোৱা 47বৰ্ষীয় ক্ৰিকেটাৰ গৰাকীক বৃহস্পতিবাৰে হাস্পতালৰ পৰা অব্যাহতি দিয়া হয় আৰু তেওঁ ঘৰতেই কিছু দিন কোৱাৰেনন্টাই হৈ থাকিব বুলি জানিব পৰা গৈছে ৷

হাস্পতালৰ পৰা অব্যাহতি লৈ ঘৰত উপস্থিত হৈ ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে টুইটযোগে তেওঁৰ অনুৰাগী সকলৰ লগতে হাস্পতাল কতৃপক্ষকো ধন্যবাদ জনাই ৷ আনকি আগন্তুত কিছুদিন ঘৰতে বিশ্ৰাম কৰিব আৰু হোম কোৱাৰেনন্টাই হৈ থাকিব বুলি জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, বিগত 27মাৰ্চত ক’ৰ’না ভাইৰাছৰ পৰীক্ষা কৰোৱাৰ অন্তত ঘৰতে কিছু সাবধানতা অৱলম্বন কৰিছিল, যদিও ২এপ্ৰিলত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ক্ৰিকেটাৰ গৰাকীক ৷ অৱশ্যে ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে নহয়, তেওঁৰ ঘৰৰ সকলো সদস্যই ইতিমধ্যে ক’ৰ’না ভাইৰাছৰ পৰীক্ষা কৰাইছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:আইপিএল 14: ৰয়েল চেলেঞ্জাৰ্ছৰ বিৰুদ্ধে মুম্বাইৰ হেটট্ৰিকৰ লক্ষ্য

ABOUT THE AUTHOR

...view details