স্পৰ্টছ ডেস্ক, 28 জুলাইঃ বিশ্বকাপৰ পাচত প্ৰথমটো ভ্ৰমণ সূচীলৈ ৰাওনা হ’ব ভাৰতীয় ক্ৰিকেট দল ৷ অহা 3 আগষ্টৰ পৰা ৱেষ্ট ইণ্ডিজত হ’বলগীয়া 3 খন টি-20, 3 খন এদিনীয়া, 2 খন টেষ্টৰ বাবে ৰাওনা হ’ব ভাৰতীয় দলটো ৷ কিন্তু দলটোৱে ভ্ৰমণৰ পূৰ্বে কোনো ধৰণৰ সংবাদমেল সম্বোধন নকৰে বুলি জানিবলৈ দিয়ে বিচিচিআইৰ এক উচ্চ বিষয়াই ৷ ইয়াৰ পূৰ্বে সময়ৰ অভাৱৰ বাবেই বিশ্বকাপত ভাৰতীয় দলে কৰা প্ৰদৰ্শনৰ ওপৰতো পৰ্যালোচনা কৰা নহ’ব বুলি জানিবলৈ দিছিল বিচিচিআইৰ মুখ্য বিষয়া বিনোদ ৰায়ে ৷ এই শৃংখলাত তিনিওটা ফৰ্মেটৰ বাবে অধিনায়কৰ দ্বায়িত্বত আছে বিৰাট কোহলি ৷
ভ্ৰমণ সূচীত থকা দল সমূহ হৈছে-
টেষ্ট দলৰ সদস্যঃ বিৰাট কোহলি (অঃ), আজিংকা ৰাহানে (সহঃ অঃ), মায়াংক আগৰৱাল, কে.এল ৰাহুল, চেতেশ্বৰ পূজাৰা, হনুমান বিহাৰী, ৰোহিত শৰ্মা, ঋদ্ধিমান শ্বাহা (উইকেটকীপাৰ), ঋষভ পন্ত (উকেটকীপাৰ), আৰ আশ্বিন, ৰবিন্দ্ৰ জাডেজা, কুলদ্বীপ যাদৱ, ইশান্ত শৰ্মা, মহম্মদ শ্বামী, জছপ্ৰীত বোমৰাহ, উমেশ যাদৱ ৷