অসম

assam

ETV Bharat / sports

নিউজিলেণ্ডত জৰিমনাৰ সন্মুখীন ভাৰতীয় দল - নিউজিলেণ্ডত জৰিমনাৰ সন্মুখীন ভাৰতীয় দল

নিউজিলেণ্ডত জৰিমনাৰ সন্মুখীন হ'ল দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই অহা ভাৰতীয় দল ৷ ধীৰ গতিৰ বলিঙৰ বাবে 40 শতাংশ মেচ ফী কৰ্তন কৰা হ'ল দলটোৰ ৷

নিউজিলেণ্ড বনাম ভাৰত টি-20 শৃংখলা
জৰিমনাৰ সন্মুখীন ভাৰতীয় দল

By

Published : Feb 1, 2020, 7:14 PM IST

স্পৰ্টছ ডেস্ক, 1 ফেব্ৰুৱাৰী : নিউজিলেণ্ডৰ বিৰুদ্ধে চতুৰ্থ টি-20 ত ধীৰ গতিৰ বলিং কৰি জৰিমনা ভৰিব লগা হ'ল ভাৰতীয় দলে ৷ ৱেষ্টপেক ষ্টেডিয়ামত অনুষ্ঠিত চতুৰ্থ মেচত নিৰ্দিষ্ট সময়ৰ ভিতৰত দুই অ'ভাৰ বলিং কৰিবলৈ সক্ষম নোহোৱাৰ বাবে প্ৰতি অ'ভাৰত 20 শতাংশকৈ জৰিমনা বিহা হয় দলটোক ৷

দোষ স্বীকাৰ কোহলীৰ

মেচ ৰেফাৰী ক্ৰিছ ব্ৰডে বিৰাট কোহলী নেতৃত্বাধীন দলটোক শুকুৰবাৰে দোষী সাব্যস্ত কৰি মেচ ফী কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

আইচিচিয়ে এক বিবৃতিত প্ৰকাশ কৰে, "আইচিচিৰ নিয়মানুৱৰ্তিতা আইনৰ 2.22 দফা অনুসৰি ধীৰ গতিৰ বলিঙৰ বাবে দলটোক দোষী সাব্যস্ত কৰাৰ লগতে প্ৰতি অ'ভাৰত 20 শতাংশকৈ জৰিমনা বিহা হয় ৷"

অন ফিল্ড আম্পায়াৰ ক্ৰিছ ব্ৰাউন, শ্বন হেইগ আৰু থাৰ্ড আম্পায়াৰ এথলে মেহৰোট্ৰাই ভাৰতীয় দলটোক দোষী সাব্যস্ত কৰে ৷

অধিনায়ক বিৰাট কোহলীয়ে এই দোষ স্বীকাৰ কৰি লোৱাৰ বাবে এই সম্পৰ্কত আনুষ্ঠানিক শুনানি গ্ৰহণ কৰা নহয় ৷

উল্লেখ্য যে, নিউজিলেণ্ড ভ্ৰমণৰত ভাৰতীয় দলে পাঁচখনীয়া টি-20 শৃংখলাত 4-0 ব্যৱধানত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷

আৰু পঢ়ক : ৰাণী ৰামপাললৈ 'ওৱৰ্ল্ড গেমছ এথলীট অৱ দা ইয়েৰ' সন্মান

ABOUT THE AUTHOR

...view details