স্পৰ্টছ ডেস্ক, ১ মে': সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপৰ ফলত স্তব্ধ হৈ পৰিছে সকলো ক্ৰীড়া কাৰ্য-কলাপ । ইতিমধ্যে বহু কেইটা প্ৰতিযোগিতা বাতিল অথবা স্থগিত কৰিবলগীয়া হৈছে । কিন্তু ইয়াৰ মাজতেই লক্ ডাউনৰ সুযোগ বুজি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড চমুকৈ BCCI য়ে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক সকলক ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ সৈতে নিজৰ অভিজ্ঞতা আদান-প্ৰদান কৰাৰ নিৰ্দেশ দিয়ে ।
বৰ্তমানে ভাৰতীয় ক্ৰিকেট দলৰ সৈতে জড়িত হৈ থকা মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী, ভৰত অৰুণ, বিক্ৰম ৰাঠোৰ আৰু আৰ শ্ৰীধৰক নিজৰ-নিজৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অনুভৱ, কৌশল সমূহ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ প্ৰশিক্ষক সকলৰ সৈতে বিনিময় কৰাৰ প্ৰস্তাৱ দাঙি ধৰে বিচিচিআইয়ে ।
এই সন্দৰ্ভত জিএম ক্ৰিকেট অপাৰেচনৰ ছাবা কৰিমে কয়, বিচিচিআইয়ে যি প্ৰস্তাৱ লৈছে, এই প্ৰস্তাৱৰ বিষয়ে চিন্তা কৰা ব্যক্তিজন হৈছে এন চি এৰ প্ৰমূখ তথা প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্ৰাৱিড় । দ্ৰাৱিড়েই পোন প্ৰথমে ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক সকলৰ অভিজ্ঞতা এনচিএৰ প্ৰশিক্ষকৰ সন্মুখত দাঙি ধৰিব লাগে বুলি BCCI ৰ অৱগত কৰিছিল ।