নিউজ ডেস্ক, 6মে': ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিথালী ৰাজে এইবাৰ ভাৰতত অনুষ্ঠিত হ'বলগা মহিলাৰ টি 20 টুৰ্ণামেন্টত ভেল'চিটী দলক প্ৰতিনিধিত্ব কৰিব ৷ এই সম্পৰ্কত যথেষ্ট আশাবাদী হৈ থকা খেলুৱৈগৰাকীয়ে মন্তব্য কৰে যে, আগন্তুক টুৰ্ণামেন্ট খনে মহিলা ক্ৰিকেটক এখোজ আগবঢ়াই নিয়াত সহায় কৰিব ৷
আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে খেলুৱৈগৰাকীৰ উদ্ধৃতি দি কয় যে, এইয়া মহিলা ক্ৰিকেটৰ দিশত এখোজ আগবঢ়াৰ প্ৰচেষ্টা ৷ তাৰোপৰি তেওঁ কয় যে, এইয়া বুজিবলৈ চেষ্টা কৰা উচিত যে, যিকোনো ডাঙৰ কামলৈ আগবাঢ়িবৰ বাবে সৰুৰ পৰা আৰম্ভ কৰিব লাগিব ৷