স্পৰ্টছ ডেস্ক, ১৫ মে': কৰ'ণা ভাইৰাছৰ ফলত বৰ্তমান সময়ত স্তব্ধ হৈ ৰৈছে বিশ্ব ক্ৰীড়াজগতৰ সকলো কাৰ্য-কলাপ । কিন্তু ইয়াৰ মাজতেই ৱেষ্ট ইণ্ডিজৰ পৰা আহিছে এক ডাঙৰ খবৰ । অহা ২২ মে'ৰ পৰা ৱেষ্ট ইণ্ডিত অনুষ্ঠিত হ'ব টি-১০ প্ৰতিযোগিতা ভিন্সী প্ৰিমিয়াৰ লীগ । য'ত অংশগ্ৰহণ কৰিব ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ কেইবাগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈয়ে । চেণ্ট ভিন্সেন্ট এণ্ড গ্ৰেনাডা ক্ৰিকেট সংঘই আয়োজন কৰিছে এই প্ৰতিযোগিতা ।
জানিব পৰা মতে, এই প্ৰতিযোগিতাত মুঠ ৬ টা দলে অংশগ্ৰহণ কৰিব । ২২ মে'ৰ পৰা ৩১ মে'লৈ মুঠ ১০ দিনলৈ চলিব এই প্ৰতিযোগিতা । দৰ্শকৰ উপস্থিতকৈ লৈ কোনো নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই । উল্লেখ্য়ে যে, পোন প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাৰ জৰিয়তে বলত খেলুৱৈক থুই ব্য়ৱহাৰৰ অনুমতি প্ৰদান কৰা নহ'ব । সচৰাচৰ ক্ৰিকেটত ফিল্ডীং কৰা সময়ত বলিং কৰা দলৰ খেলুৱৈয়ে ছুইং লাভৰ বাবে বলৰ এটা ছাইডত থুই (saliva) ব্যৱহাৰ কৰাৰ দৃশ্য় দেখা পোৱা যায় ।