স্পৰ্টছ ডেস্ক, 2 আগষ্ট :আজি বন্ধুত্ব দিৱস ৷ সেই উপলক্ষ্যে ভাৰতৰ দূৰ্দান্ত বেটছমেন সুৰেশ ৰাইনাই দেওবাৰে 'গুৰু তথা মেন্টৰ' মহেন্দ্ৰ সিং ধোনীক প্ৰশংসাৰে উপচাই পেলায় ৷ প্ৰাক্তন অধিনায়ক ধোনীক ৰাইনাই 'মাগদৰ্শক' বুলি মন্তব্য কৰে ৷
ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ (আইপিএল) চেন্নাই ছুপাৰ কিংছ দলে দেওবাৰে ৰাইনা আৰু ধোনীৰ এক ভিডিঅ' শ্বেয়াৰ কৰিছিল আৰু কেপচন লিখিছিল, "F.R.7.3.N.D.S - পূৰ্ণতা লাভ কৰিবৰ বাবে একত্ৰিত হৈ আছে৷ #WhistlePodu #Yellove #FriendshipDay ৷"
চেন্নাই ছুপাৰ কিংছৰ এই টুইটাৰৰ প্ৰত্যুত্তৰত ৰাইনাই লিখে, "আমাৰ ইমান ধুনীয়া মুহূৰ্ত প্ৰস্তুত কৰি উলিওৱা বাবে ধন্যবাদ @ChennaiIPL৷ @msdhoni ভাই কেৱল এজন বন্ধুয়ে নহয়, তেওঁ মোৰ মাগদৰ্শক, মোৰ গুৰু আৰু প্ৰতিটো কঠিন মুহূৰ্ততে মোৰ সৈতে থিয় দিছে ৷ ধন্যবাদ মাহী ভাই ৷ বন্ধুত্ব দিৱসৰ শুভেচ্ছা ! অতি সোনকালে লগ পাম !"