স্পৰ্টছ ডেস্ক, 18 আগষ্টঃ লণ্ডনৰ লৰ্ডছ ষ্টেডিয়ামত চলিত থকা এছেজ শৃংখলাৰ দ্বিতীয় টেষ্টৰ চতুৰ্থ দিনত এক অনন্য অভিলেখৰ গৰাকী হ’ল প্ৰাক্তন অষ্ট্ৰেলিয়ান অধিনায়ক বেটছমেন ষ্টিভ স্মিথ ৷ ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা এছেজ শৃংখলাৰ দ্বিতীয় টেষ্টৰ চতুৰ্থ দিনা 92 ৰানৰ এক সংগ্ৰামী ইনিংছ খেলি এই বিৰল অভিলেখ স্থাপন কৰিবলৈ সক্ষম প্ৰাক্তন অষ্ট্ৰেলিয়ান অধিনায়কগৰাকী ৷
একেৰাহে সাতটা ইনিংছত অৰ্ধশতকেৰে অভিলেখ ষ্টিভ স্মিথৰ - এছেজ শৃংখলা
প্ৰাক্তন অষ্ট্ৰেলিয়ান অধিনায়ক ষ্টিভ স্মিথৰ বিৰল অভিলেখ স্থাপন ৷ এছেজ শৃংখলাত একেৰাহে সাতটা ইনিংছত অৰ্ধশতক অৰ্জন কৰা সৰ্বপ্ৰথম বেটছমেন হিচাপে পৰিগণিত হ’ল ষ্টিভ স্মিথ ৷
উল্লেখ্য যে, স্মিথে ব্যক্তিগত 80 ৰানত খেলি থকাৰ সময়তে ইংলেণ্ডৰ বেগী বলাৰ জ’ফ্ৰা আৰ্চাৰৰ বাউঞ্চাৰ বলত আঘাত প্ৰাপ্ত হৈ সাময়িকভাৱে ৰিটায়াৰ্ড হাৰ্ট হ’বলগীয়া হৈছিল ৷ চিকিৎসকৰ প্ৰাথমিক চিকিৎসাৰ পাছতহে স্মিথে আকৌ বেট ধৰিবলৈ আহে ৷ কিন্তু ইয়াৰ পাচত মাথোঁ 12 ৰান যোগ দিয়েই 92 ৰানত ক্ৰিছ ৱক্ছৰ বলত লেগ বিফ‘ৰ উইকেটৰ চিকাৰ হৈ পেভিলিয়নলৈ উভতে স্মিথ ৷ প্ৰথম টেষ্টৰ দুটা ইনিংছত শতক অৰ্জন কৰা স্মিথে এইমেচত একেৰাহে তিনিবাৰকৈ শতক কৰাৰ পৰা বঞ্চিত হ’লেও 92 ৰানৰ ইনিংছৰে একেৰাহে সাতটা ইনিংছত অৰ্ধশতক অৰ্জন কৰা সৰ্বপ্ৰথম বেটছমেন হিচাপে অনন্য অভিলেখ গঢ়িবলৈ সক্ষম হয় ষ্টিভ স্মিথে ৷