স্পৰ্টছ ডেস্ক, 4 আগষ্ট : দেওবাৰে অষ্ট্ৰেলিয়ান বেটছমেন ষ্টিভ স্মিথ অন্য এক অভিলেখৰ অধিকাৰী হয় ৷ টেষ্ট ফৰমেটত 25 টা শতক অৰ্জন কৰা বিশ্বৰ দ্বিতীয় গৰাকী দ্ৰুততম বেটছমেন হিচাপে পৰিগণিত হয় স্মিথ ৷ ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত এছেজ শৃংখলাৰ প্ৰথমখন মেচৰ দ্বিতীয় ইনিংছত এই অভিলেখৰ অধিকাৰী হয় তেওঁ ৷ স্মিথে টেষ্ট কেৰিয়াৰৰ 119 সংখ্যক ইনিংছত 25 সংখ্যক শতক অৰ্জন কৰে ৷ ইয়াৰ জৰিয়তে তেওঁ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে 127 সংখ্যক ইনিংছত গঢ়া অভিলেখ ভংগ কৰিবলৈ সক্ষম হয় ৷ লগতে এছেজ শৃংখলাৰ দুয়োটা ইনিংছতে শতক অৰ্জন কৰা পঞ্চম গৰাকী অষ্ট্ৰেলিয়ান বেটছমেন হিচাপেও পৰিগণিত হয় স্মিথ ৷
এছেজ শৃংখলাত ষ্টিভ স্মিথৰ নতুন অভিলেখ
টেষ্ট ফৰমেটত 25 টা শতক অৰ্জন কৰা বিশ্বৰ দ্বিতীয় গৰাকী দ্ৰুততম বেটছমেন হিচাপে পৰিগণিত হ'ল স্মিথ ৷ লগতে এছেজ শৃংখলাৰ দুয়োটা ইনিংছতে শতক অৰ্জন কৰা পঞ্চম গৰাকী অষ্ট্ৰেলিয়ান বেটছমেন হিচাপেও পৰিগণিত হয় তেওঁ ৷
ষ্টিভ স্মিথ
উল্লেখ্য যে, প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে 130 সংখ্যক ইনিংছত 25 টা শতক অৰ্জন কৰিছিল আৰু ডন ব্ৰেডমেনে মাত্ৰ 68 টা ইনিংছতে এই অভিলেখৰ অধিকাৰী হ'বলৈ সক্ষম হৈছিল ৷ উল্লেখ্য যে, বৰ্তমানলৈকে ব্ৰেডমেনৰ এই অভিলেখ কোনো ক্ৰিকেটাৰে ভংগ কৰিবলৈ সক্ষম হোৱা নাই ৷