অসম

assam

By

Published : Mar 15, 2020, 7:16 PM IST

ETV Bharat / sports

"সৱল হওঁক আৰু COVID-19 ৰ বিৰুদ্ধে যুঁজ দিয়ক" : বিৰাট কোহলী

ভাৰতবাসীক কৰ'ণাভাইৰাছৰ বিৰুদ্ধে সতৰ্ক হ'বলৈ আহ্বান জনাইছে কোহলীয়ে ৷ টুইটাৰৰ জৰিয়তে এই আহ্বান কোহলীৰ ৷

টুইটাৰৰ জৰিয়তে সতৰ্ক হ'বলৈ আহ্বান
মাস্ক পৰিধান কৰা অৱস্থাত কোহলী

স্পৰ্টছ ডেস্ক, 15 মাৰ্চ :COVID-19 ৰ ফলত ভাৰতৰ শতাধিক লোক আক্ৰান্ত হোৱাৰ লগতে দুজনকৈ লোকে প্ৰাণ হেৰুৱাৰ পাচতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা আৰু আইপিএল বাতিল হোৱাৰ লগতে বহুসংখ্যক মেচ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে টুইটাৰৰ জৰিয়তে কয়, "আহক সকলোৱে সৱল হৈ থাকো আৰু সকলো সাৱধানতা অৱলম্বন কৰি COVID-19 ৰ বিৰুদ্ধে যুঁজ কৰি যাওঁ ৷ সুৰক্ষিত হৈ থাকক, সতৰ্ক হওঁক ৷ সকলোৱে নিজৰ পৰিচৰ্যা লওঁক ৷"

টুইটাৰৰ জৰিয়তে দেশবাসীক সতৰ্ক হ'বলৈ আহ্বান

13 মাৰ্চৰ দিনা ভাৰতীয় অধিনায়ক গৰাকীক এখন মাস্ক পৰিধান কৰি লক্ষ্নৌ বিমানবন্দৰৰ পৰা ওলাই অহা প্ৰত্যক্ষ কৰা হৈছিল ৷ 14 মাৰ্চৰ দিনা ভাৰতীয় দলৰ খেলুৱৈসকলে প্ৰশিক্ষণত অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও বিচিচিআই আৰু দক্ষিণ আফ্ৰিকাই উমৈহতীয়া ভাৱে শৃংখলা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ দুয়ো দলৰ খেলুৱৈসকলে মত পোষণ কৰে যে, তেওঁলোকে অতি শীঘ্ৰে নিজ নিজ বাসগৃহত উপস্থিত হ'ব বিচাৰে ৷

কৰ'ণাভাইৰাছ

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ভি. ভি. এছ. লক্ষ্মণেও টুইটাৰৰ জৰিয়তে এই মাৰাত্মক ৰোগৰ বিৰুদ্ধে যুঁজ দিবলৈ সকলোকে আহ্বান জনায় ৷

আৰু পঢ়ক : ৰাণীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথন দৌৰ প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details