অসম

assam

ETV Bharat / sports

টি-20 বিশ্বকাপ: পত্নীৰ ফাইনেল মেচ উপভোগ কৰিবৰ বাবেই ডাঙৰ সিদ্ধান্ত মিটচেল ষ্ট্ৰাকৰ

দক্ষিণ আফ্ৰিকাৰ ভ্ৰমণ আধাতে বাদ দি অষ্ট্ৰেলিয়ালৈ ঘূৰি অহাৰ সিদ্ধান্ত মিটচেল ষ্ট্ৰাকৰ ৷ পত্নীৰ বিশ্বকাপৰ ফাইনেল মেচ উপভোগ কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰে খেলুৱৈগৰাকীয়ে ৷ ষ্ট্ৰাকৰ এই সিদ্ধান্তৰ প্ৰতি সৰ্ব সন্মতি প্ৰদান কৰে ক্ৰিকেট অষ্ট্ৰেলিয়াই ৷

By

Published : Mar 6, 2020, 8:59 PM IST

starc,alyssa,t20 world cup final, পত্নীৰ ফাইনেল মেচ উপভোগ কৰিবৰ বাবেই উভতি আহিব মিটচেল ষ্ট্ৰাক
টি-20 বিশ্বকাপ: পত্নীৰ ফাইনেল মেচ উপভোগ কৰিবৰ বাবেই উভতি আহিব মিটচেল ষ্ট্ৰাক

স্পৰ্টছ ডেস্ক, 6 মাৰ্চঃ পত্নীৰ বিশ্বকাপৰ মেচ উভভোগ কৰিবলৈয়ে আধাতে দক্ষিণ আফ্ৰিকা ভ্ৰমণ বাতিল কৰাৰ সিদ্ধান্ত মিটচেল ষ্ট্ৰাকৰ ৷ ভাৰত আৰু অষ্ট্ৰলিয়াৰ মাজত অহা 8 মাৰ্চত অনুষ্ঠিত হ’ব আইচিচি মহিলা টি-20 বিশ্বকাপ ৷ এই চূড়ান্ত মেচত অষ্ট্ৰেলিয়া দলটোৰ হৈ সক্ৰিয় খেলুৱৈ হিচাপে অৱতীৰ্ণ হ’ব মিটচেল ষ্ট্ৰাকৰ পত্নী এলিছা হিলী৷ যাৰ বাবে দক্ষিণ আফ্ৰিকাৰ ভ্ৰমণৰ আধাতে বাদ দি অষ্ট্ৰেলিয়ালৈ ঘূৰি আহিব মিটচেল ষ্ট্ৰাক ৷

মিটচল ষ্ট্ৰাক আৰু পত্নী এলিছা হিলী

এই সন্দৰ্ভত ক্ৰিকেট অষ্ট্ৰেলিয়াৰ আনুষ্ঠানিক ৱেব চাইটত প্ৰশিক্ষক জাষ্টিন লেংগৰে কয়, ষ্ট্ৰাকৰ জীৱনত এইয়া এবাৰেই আহিবলগীয়া ক্ষণ, গতিকে তেওঁক উভতি যোৱাৰ অনুমতি দিবলৈ আমি সাজু ৷

দক্ষিণ আফ্ৰিকাৰ ভ্ৰমণৰ আধাতে বাদ দি অষ্ট্ৰেলিয়ালৈ ঘূৰি অহাৰ সিদ্ধান্ত মিটচেল ষ্ট্ৰাকৰ

উল্লেখ্য যে, শৃংখলাত 2-0 ব্যৱধানত পিচ পৰি আছে অষ্ট্ৰেলিয়া দলটো ৷ মিটচেল ষ্ট্ৰাকৰ অনুপস্থিতিত অষ্ট্ৰেলিয়া দলত জ’ছ হেজেলৱুড, ঝায় ৰিচাৰ্ডচন অথবা কেন ৰিচাৰ্ডচনক দলত স্থান দিয়াৰ সম্ভাৱনা আছে ৷

ABOUT THE AUTHOR

...view details