স্পৰ্টছ ডেস্ক, 2 আগষ্ট : ৱেষ্ট ইণ্ডিজৰ গৃহভূমিত যোৱা 23 জুলাইৰ পৰা 16 আগষ্টলৈ দুখন টেষ্ট আৰু পাঁচখন টি-20 মেচত অৱতীৰ্ণ হোৱাৰ কথা আছিল দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলটো ৷ কিন্তু শেহতীয়াকৈ এই ভ্ৰমণ সূচী অনিৰ্দিষ্ট কাললৈ স্থগিত কৰাৰ কথা উল্লেখ কৰে ক্ৰিকেট দক্ষিণ আফ্ৰিকাৰ নিৰ্দেশক গ্ৰীম স্মিথে ৷ শনিবাৰে এই কথা সদৰী কৰে স্মিথে ৷
ইয়াৰ পূৰ্বে জুন মাহতো শ্ৰীলংকাৰ ভ্ৰমণসূচী স্থগিত কৰিছিল দক্ষিণ আফ্ৰিকাই ৷
আনহাতে স্মিথে ছেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া আইপিএলক লৈও চিন্তা ব্যক্ত কৰে ৷ তেওঁ কয় খেলুৱৈ সকলক সংযুক্ত আৰৱ আমিৰাতত যোৱাৰ বাবে শৃংখলাত ফিট হোৱাৰ সময়ৰ অভাৱ হৈছে ৷
ক্ৰিকেট দক্ষিণ আফ্ৰিকাৰ নিৰ্দেশক গ্ৰীম স্মিথ এক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সংবাদদাতাৰ আগত স্মিথে কয় যে, ৱেষ্ট ইণ্ডিজৰ ভ্ৰমণসূচী অনিশ্চিতকালৈ স্থগিত কৰা হৈছে ৷ আইপিএলত খেলাৰ বাবে আমি সময় বিচাৰি সংঘৰ্ষ কৰি আছো ৷ ছেপ্তেম্বৰৰ আৰম্ভণীৰ পৰা খেলুৱৈ সকলক চৰকাৰৰ ফালৰ পৰা যাত্ৰাৰ অনুমতি লাভৰো আৱশ্যকতা আছে ৷ স্মিথে লগতে স্থগিত হোৱা শৃংখলা সমূহ দক্ষিণ আফ্ৰিকা ক্ৰিকেটে পুনৰ আয়োজনৰ চেষ্টা চলোৱাৰো ইংগিত দিয়ে ৷
লগতে চাওক-2021 ত বিশ্বকাপ জয়ৰ লক্ষ্য : মিতালী ৰাজ