স্পৰ্টছ ডেস্ক, 19 আগষ্ট :কৰ’ণা ভাইৰাছ মহামাৰীৰ ফলত ইংলেণ্ড ভ্ৰমণসূচী স্থগিত দক্ষিণ আফ্ৰিকা মহিলা ক্ৰিকেট দলৰ ৷ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ 2020 চনৰ ছেপ্তেম্বৰ মাহত ব্ৰিটেইন লৈ যোৱাৰ নিমন্ত্ৰণ স্বীকাৰ কৰাৰ স্থিতিত নাই বুলি উল্লেখ কৰে ক্ৰিকেট দক্ষিণ আফ্ৰিকাই ৷
উল্লেখ্য যে, দক্ষিণ আফ্ৰিকা দলটোৱে সুৰক্ষিত জলবায়ু পৰিৱেশত চাৰিখন এদিনীয়া আৰু দুখন টি-20 মেচত অংশগ্ৰহণ কৰাৰ কথা আছিল ৷
ইংলেণ্ড ভ্ৰমণসূচী বাতিল দক্ষিণ আফ্ৰিকা মহিলা দলৰ ক্ৰিকেট দক্ষিণ আফ্ৰিকাৰ নিৰ্দেশক গ্ৰীম স্মিথে কয়, এইয়া এক নিৰাশাজনক কথা যে, দক্ষিণ আফ্ৰিকাৰ মহিলা দলটোৱে পুনৰ এবাৰ শীৰ্ষ স্থানৰ দলৰ বিৰুদ্ধে খেলাৰ সুযোগ হেৰুৱাইছে ৷ কিন্তু আমাৰ প্ৰথম অগ্ৰাধিকাৰ হৈছে খেলুৱৈ আৰু সহযোগী ষ্টাফৰ সুৰক্ষা ৷
ইতিমধ্যে এই ভ্ৰমণ বাতিল কৰাৰ কথা ক্ৰিকেট দক্ষিণ আফ্ৰিকাই ইচিবিক অৱগত কৰিছে ৷
লগতে চাওক-প্ৰধানমন্ত্ৰীৰ অনুৰোধ মৰ্মে টি-20 বিশ্বকাপত অংশগ্ৰহণ কৰিব পাৰে ধোনীয়ে