অসম

assam

By

Published : Mar 10, 2020, 6:52 PM IST

ETV Bharat / sports

টীম ইণ্ডিয়াৰে কৰমৰ্দন নকৰে দক্ষিণ আফ্ৰিকাৰ খেলুৱৈয়ে

তিনিখনীয়া এদিনীয়া শৃংখলাত অৱতীৰ্ণ হ'বৰ বাবে ভাৰত ভ্ৰমণ দক্ষিণ আফ্ৰিকাৰ ৷ ভাৰতীয় খেলুৱৈৰে কৰমৰ্দন নকৰে ভ্ৰমনকাৰী দলে ৷

দক্ষিণ আফ্ৰিকা বনাম ভাৰত
টীম ইণ্ডিয়াৰে কৰমৰ্দন নকৰে দক্ষিণ আফ্ৰিকাৰ খেলুৱৈয়ে

স্পৰ্টছ ডেস্ক, 10 মাৰ্চ : টীম ইণ্ডিয়াৰে কৰমৰ্দন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে দক্ষিণ আফ্ৰিকাৰ খেলুৱৈৰ ৷ তিনিখনীয়া এদিনীয়া শৃংখলাত অংশগ্ৰহণৰ বাবে ভাৰতত উপস্থিত হোৱা দলটোৱে ভাৰতীয় খেলুৱৈৰে কৰমৰ্দন নকৰিব পাৰে বুলি মন্তব্য কৰে দক্ষিণ আফ্ৰিকাৰ মুখ্য প্ৰশিক্ষক মাৰ্ক বাউছাৰে ৷ উল্লেখ্য যে, সোমবাৰলৈকে কৰ'ণাভাইৰাছত আক্ৰান্ত ভাৰতীয়ৰ সংখ্যা 45 লৈ বৃদ্ধি পোৱা বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে বাউছাৰে ৷

এই সম্পৰ্কত বাউছাৰে কয়, "ইয়াৰ জৰিয়তে আমাৰ খেলুৱৈসকলক সুৰক্ষিত ৰাখিবলৈ সাৱধানতা অৱলম্বন কৰিব পৰা যাব ৷"

উল্লেখ্য যে, দক্ষিণ আফ্ৰিকা দলৰ স্বাস্থ্য আৰু সুৰক্ষা বিভাগে সন্মতি জনোৱাৰ পাচতহে তেওঁলোকে ভাৰত ভ্ৰমণৰ বাবে সাজু হৈছে ৷

তেওঁ লগতে কয়, "আমাৰ কোনো সমস্যা থাকিলে স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰা হয় ৷ এই ক্ষেত্ৰত কোনো বিপদৰ উমান পালে তেওঁলোকে আমাক অৱগত কৰিব ৷"

কৰ'ণাভাইৰাছৰ ফলত প্ৰভাৱান্বিত বিভিন্ন প্ৰতিযোগিতা

আৰু পঢ়ক : অষ্টমজন ভাৰতীয় বক্সাৰৰ ট'কিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন

ABOUT THE AUTHOR

...view details