অসম

assam

By

Published : May 22, 2020, 12:30 PM IST

ETV Bharat / sports

ভাৰতৰ বিৰুদ্ধে গৃহভূমিত টি-২০ শৃংখলা আয়োজনৰ লক্ষ্য দক্ষিণ আফ্ৰিকাৰ

দক্ষিণ আফ্ৰিকাৰ গৃহ ভূমিত দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ মাজত অনুষ্ঠিত হ'ব পাৰে তিনিখন মেচৰ টি-২০ শৃংখলা । আগষ্টৰ শেষৰ ফালে আয়োজনৰ চিন্তা-চৰ্চা দুয়োখন দেশৰ ক্ৰিকেট ব'ৰ্ডৰ । পৰিস্থিতি সামান্য হ'লেই শৃংখলা অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা ।

South Africa eye T20I home series against India in August if pandemic subsides
ভাৰতৰ বিৰুদ্ধে গৃহভূমিত টি-২০ শৃংখলা আয়োজনৰ লক্ষ্য দক্ষিণ আফ্ৰিকাৰ

স্পৰ্টছ ডেস্ক, ২২ মে': ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত পূৰ্বৰ এক চুক্তি অনুসৰি আগষ্ট মাহৰ অন্তত অনুষ্ঠিত হ'ব পাৰে তিনিখন মেচৰ এক আন্তঃৰাষ্ট্ৰীয় টি-২০ শৃংখলা । এই সন্দৰ্ভত এক মন্তব্য প্ৰদান কৰা হৈছে দক্ষিণ আফ্ৰিকা ক্ৰিকেট ব'ৰ্ডৰ ফালৰ পৰা । অৱশ্যে এই শৃংখলা অনুষ্ঠিত হ'বলৈ দুয়োখন দেশতে COVID-১৯ মহামাৰীৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতি সমূহ সামান্য হোৱালৈ বাট চাব লাগিব ।

ভাৰতৰ বিৰুদ্ধে গৃহভূমিত টি-২০ শৃংখলা আয়োজনৰ লক্ষ্য দক্ষিণ আফ্ৰিকাৰ

ক্ৰিকেটৰ মেচ সমূহ বৰ্তমানে আগষ্টৰ শেষৰ ফালে ধাৰ্য কৰা হৈছে । এই সন্দৰ্ভত দক্ষিণ আফ্ৰিকা ক্ৰিকেটৰ ভাৰপ্ৰাপ্ত প্ৰধান কাৰ্যনিৰ্বাহক জ্যাক ফাউলে বিচিচিআইৰ ইচ্ছুকতাক উৎসাহিত কৰি উভয় দলেই শেষৰ ফালে মেচৰ তাৰিখকলৈ সন্মতি প্ৰদান কৰা বুলি উল্লেখ কৰে ।

দক্ষিণ আফ্ৰিকাৰ ৱেবচাইটৰ মতে, বৃহস্পতিবাৰে এক সংবাদমেলত ফাউলে কয়, ভাৰতে এই চুক্তিক বৰ্তমানে সন্মান জনাইছে । যদি স্থগিত কৰা যায় তেন্তে সেয়া পৰৱৰ্তী সময়ত কৰা হ'ব বুলি উল্লেখ কৰে । এই সন্দৰ্ভত বিচিচিআইৰ সৈতে বিস্তৃত আলোচনা হোৱা বুলিও উল্লেখ কৰে ।

আনহাতে, ভাৰত চৰকাৰৰ পৰা সকলো সন্মতি লাভ কৰিলে এইয়া সম্ভৱ হৈ উঠিব বুলি বিচিচিআইৰ এক বিষয়াৰ পৰা জানিব পৰা গৈছে । এক শীৰ্ষ সংবাদ এজেঞ্জীৰ পৰা জানিব পৰা মতে, প্ৰথমে খেলুৱৈৰ বাবে গ্ৰীণ জ'ন নিৰ্ধাৰণ কৰিব লাগিব । যদি সকলো সঠিক হয় নিশ্চিতভাৱে আফ্ৰিকাত মেচ খেলিব ভাৰতে ।

For All Latest Updates

ABOUT THE AUTHOR

...view details