অসম

assam

ETV Bharat / sports

COVID-19 ত আক্ৰান্ত সৌৰভ গাংগুলীৰ পৰিয়ালৰ সদস্য - স্নেহাশীষ গাংগুলীৰ শহুৰ-শাহুৰেক আক্ৰান্ত

সৌৰভ গাংগুলীৰ জ্যেষ্ঠ ভাতৃ স্নেহাশীষ গাংগুলীৰ পত্নী COVID-19 ত আক্ৰান্ত হোৱা বুলি এজন শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে ৷ স্নেহাশীষ গাংগুলীৰ শহুৰ-শাহুৰেকো যোৱা সপ্তাহত COVID-19 ত আক্ৰান্ত হৈছিল ৷

Sourav Ganguly's kin test positive for COVID-19
COVID-19 ত আক্ৰান্ত সৌৰভ গাংগুলীৰ পৰিয়ালৰ সদস্য

By

Published : Jun 20, 2020, 8:41 AM IST

স্পৰ্টছ ডেস্ক, 20 জুনঃ বেংগল ক্ৰিকেট এচ'ছিয়েচনৰ (CAB) সচিব স্নেহাশীষ গাংগুলীৰ পৰিয়ালৰ চাৰিজনকৈ সদস্য আক্ৰান্ত হৈছে COVID-19 ত ৷ শুকুৰবাৰে ৰাজ্যিক স্বাস্থ্য বিভাগে প্ৰদান কৰে এই তথ্য ৷ ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমানৰ বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীৰ জ্যেষ্ঠ ভাতৃ স্নেহাশীষ গাংগুলীৰ পত্নী COVID-19 ত আক্ৰান্ত হোৱা বুলি এজন শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে ৷ স্নেহাশীষ গাংগুলীৰ শহুৰ-শাহুৰেকো যোৱা সপ্তাহত COVID-19 ত আক্ৰান্ত হৈছিল ৷

ইয়াৰোপৰি, স্নেহাশীষ গাংগুলীৰ মমিনপুৰৰ ঘৰত বনকৰা এজন লোকো কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ আক্ৰান্ত আটাইকেইগৰাকী ব্যক্তি বৰ্তমান এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷

COVID-19 ত আক্ৰান্ত সৌৰভ গাংগুলীৰ পৰিয়ালৰ সদস্য

উল্লেখ্য যে, প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ স্নেহাশীষৰো কৰ'ণা পৰীক্ষা কৰা হৈছিল যদিও নেগেটিভ পোৱাৰ লগতে তেওঁক হোম কোৱাৰান্টাইনত ৰখা হৈছে ৷

স্বাস্থ্য বিভাগৰ এজন শীৰ্ষ বিষয়াই কয়, "তেওঁলোকে COVID-19ৰ লক্ষণ প্ৰদৰ্শন কৰাৰ পাচতে পৰীক্ষণ চলোৱা হৈছিল আৰু পজিটিভ পোৱা গৈছিল ৷ এই লোকসকল গাংগুলী পৰিয়ালৰ বেহালাস্থিত পৈতৃক গৃহ আৰু অন্য এটা ঘৰত বাস কৰিছিল ৷ তেওঁলোকক বৰ্তমান এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷"

শনিবাৰে পুনৰ তেওঁলোকৰ পৰীক্ষণ কৰা হ'ব আৰু পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে ব্যক্তিগত চিকিৎসালয়ৰ এক সূত্ৰই ৷

আৰু পঢ়ক : 9 বছৰ পাচত পুনৰ "2011 বিশ্বকাপৰ ফাইনেল" মেচ ফিক্সড থকাৰ বিস্ফোৰক অভিযোগ

ABOUT THE AUTHOR

...view details