নিউজ ডেস্ক, 27 জানুৱাৰী : বৰ্তমান ড৹ সপতাৰ্শী বসু আৰু ড৹ সুৰজ মণ্ডলৰ তত্বাৱধানত ৰখা হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ অধ্যক্ষ তথা প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীক ৷ বৃহস্পতিবাৰে ড৹ দেৱী ছেত্ৰীৰ উপস্থিতিত পুনৰ ক্ৰিকেটাৰ গৰাকীৰ হৃদযন্ত্ৰৰ পৰীক্ষা কৰা হ'ব ৷
এক প্ৰেছ বিবৃতিত উডলেণ্ড চিকিৎসালয়ৰ কৰ্তৃপক্ষই এই কথা সদৰি কৰিছে ৷ বিবৃতিত উল্লেখ কৰা মতে, বুধবাৰে প্ৰাক্তন ক্ৰিকেটা সৌৰভ গাংগুলীয়ে উশাহ লোৱাত বহু কষ্ট অনুভৱ কৰিছিল ৷ যাৰ বাবে তেওঁক এপ'ল চিকিৎসালয়লৈ নিয়া হৈছিল । বৰ্তমান ক্ৰিকেটাৰ গৰাকী ড৹ সপতাৰ্শী বসু আৰু ড৹ সুৰজ মণ্ডলৰ তত্বাৱধানত আছে । বৃহস্পতিবাৰে ড৹ আফতাব খানে ড৹ দেৱী ছেত্ৰীৰ উপস্থিতিত টেষ্ট কৰিব বুলি উডলেণ্ড চিকিৎসালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিছে ৷