স্পৰ্টছ ডেস্ক, 17 অক্টোবৰঃদেওবাৰে বিচিচিআইৰ অধ্যক্ষ পদত নিয়োজিত কৰা হ’ল ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীক ৷ অৱশ্যে অহা 23 অক্টোবৰত হে এই বিষয়ে আনুষ্ঠানিক ভাৱে প্ৰকাশ কৰা হ’ব ৷ পদত অধিষ্ঠিত হোৱাৰ পাচতেই গৃহ চহৰ কলকাতাত উপস্থিত হয় গাংগুলী ৷ কলকাতাত উপস্থিত হোৱাৰ পিচতে উষ্ম আদৰণী জনোৱা হয় বেংগল টাইগাৰ তথা দাদা নামে পৰিচিত সৌৰভ গাংগুলীক ৷ ইপিনে কলকাতাত উপস্থিত হৈয়ে ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে বাৰ্তালাপত বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্য প্ৰদান কৰে বিচিচিআইৰ নৱ-নিয়ুক্ত অধ্যক্ষগৰাকীয়ে ৷
গাংগুলীক যেতিয়া প্ৰশ্ন কৰা হয় যে তেওঁ যিহেতু ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা সৌৰভ গাংগুলী সেয়েহে তেওঁক লৈ অধিক আশা কৰা হৈছে নেকি ? গাংগুলীয়ে তেতিয়া কয়, আশা কৰা মতে কাম কৰিবলৈ যথোপযুক্ত চেষ্টা চলাম ৷ যিমান পাৰে প্ৰথম শ্ৰেণীৰ ক্ৰিকেট আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ওপৰত গুৰুত্ব প্ৰদান কৰিম ৷ লগতে সময়ৰ ওপৰতো বহু কথা নিৰ্ভৰ কৰিব বুলি উল্লেখ কৰে গাংগুলীয়ে ৷