অসম

assam

By

Published : Jan 7, 2021, 12:22 PM IST

ETV Bharat / sports

হাস্পতালৰ পৰা অব্যাহতি লাভ সৌৰভ গাংগুলীৰ

বৃহস্পতিবাৰে হাস্পতালৰ পৰা অব্যাহতি লাভ বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীৰ ৷ তেওঁ এতিয়া সম্পূৰ্ণৰূপে সুস্থ বুলি এক সংবাদমেলযোগে জানিবলৈ দিয়ে গাংগুলীয়ে ৷

Sourav Ganguly discharged from hospital
হাস্পতালৰ পৰা অব্যাহতি লাভ সৌৰভ গাংগুলীৰ

স্পৰ্টছ ডেস্ক,7 জানুৱাৰী : কলকাতাৰ উডলেণ্ডছ হাস্পতালত চিকিৎসাধীন হৈ থকা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে বৃহস্পতিবাৰে হাস্পতালৰ পৰা অব্যাহতি লাভ কৰে ৷ হাস্পতালৰ পৰা ওলাই আহি তেওঁ এতিয়া সম্পূৰ্ণ সুস্থ বুলি এক সংবাদমেলযোগে জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে হাস্পতাল কৰ্তৃপক্ষই জাৰি কৰা এক প্ৰতিবেদনত উল্লেখিত অনুসৰি, গাংগুলীৰ এতিয়া সুস্থ আৰু তেওঁ সৱল অনুভৱ কৰিছে ৷

সংবাদমেল যোগে বিচিচিআইৰ অধ্যক্ষ গৰাকীয়ে কয় যে, ‘‘মোক প্ৰদান কৰা চিকিৎসাৰ বাবে মই হাস্পতাল কৰ্তৃপক্ষৰ লগতে চিকিৎসকক ধন্যবাদ জনাইছো ৷ মই এতিয়া সম্পূৰ্ণৰূপে সুস্থ’’ ৷

উল্লেখ্য যে, হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থাকোতে মঙলবাৰে হৃদৰোগ বিশেষজ্ঞ ডাঃ দেৱী শেট্টীয়ে গাংগুলীৰ স্বাস্থ্যৰ বুজ লৈছিল আৰু বৃহস্পতিবাৰে তেওঁক হাস্পতালৰ পৰা অব্যাহতি দিয়া হ’ব বুলি সদৰি কৰিছিল ৷

লগতে পঢ়ক :62 বছৰীয়া হ'ল প্ৰাক্তন ভাৰতীয় অধিনায়ক কপিল দেৱ

ABOUT THE AUTHOR

...view details