স্পৰ্টছ ডেস্ক, 16 ছেপ্তেম্বৰ : অষ্ট্ৰেলিয়াৰ বেটছমেন ষ্টিভ স্মিথ আৰু বেগী বলাৰ পেট কামিনছে আইচিচি টেষ্ট ৰেংকিঙৰ শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে ৷ পঞ্চম তথা অন্তিম এছেজ টেষ্টত 80 আৰু 23 ৰান সংগ্ৰহ কৰা স্মিথে বিৰাট কোহলীতকৈ 34 পইন্ট অধিক সংগ্ৰহেৰে বেটছমেনৰ তালিকাত শীৰ্ষ স্থান দখল কৰিছে ৷
টেষ্ট ৰেংকিঙৰ শীৰ্ষত স্মিথ, কামিনছ - অষ্ট্ৰেলিয়াৰ বেটছমেন ষ্টিভ স্মিথ আৰু বেগী বলাৰ পেট কামিনছ
অষ্ট্ৰেলিয়াৰ বেটছমেন ষ্টিভ স্মিথ আৰু বেগী বলাৰ পেট কামিনছে আইচিচি টেষ্ট ৰেংকিঙৰ শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে ৷

টেষ্ট ৰেংকিঙৰ শীৰ্ষত স্মিথ, কামিনছ
আনহাতে, কামিনছেও এছেজত সৰ্বাধিক 29 টাকৈ উইকেট দখল কৰাৰ অভিলেখ গঢ়াৰ লগতে কাগিছো ৰাবাডাতকৈ 57 পইন্ট অধিক সংগ্ৰহেৰে টেষ্ট ৰেংকিঙৰ বলাৰৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷
ইয়াৰ উপৰি অষ্ট্ৰেলিয়াৰ মেথিউ ৱেডে বেটছমেনৰ তালিকাত 78 সংখ্যক স্থান লাভ কৰাৰ লগতে বলাৰৰ তালিকাত 54 সংখ্যক স্থান লাভ কৰিছে মিটছেল মাৰ্শ্বে ৷