অসম

assam

ETV Bharat / sports

শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয় টেষ্ট মেচৰ তৃ্তীয় দিনত 186 ৰাণ সংগ্ৰহ জ‘ ৰুটৰ - প্ৰথম ইনিংছ

শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয় টেষ্ট মেচৰ তৃ্তীয় দিনৰ খেল শেষ হোৱালৈকে ইংলেণ্ডৰ দলে প্ৰথম ইনিংছত 9 টা উইকেট হেৰুৱাই 339 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ ইংলেণ্ড ক্ৰিকেট দলৰ অধিনায়ক জ‘ ৰুটে দ্বিত্বীয় টেষ্টৰ তৃতীয় দিনত জ‘ ৰুটে 186 ৰাণ সংগ্ৰহ কৰি ৰাণ আউট হয় ৷

SL vs ENG, 2nd Test: England near Sri Lanka's 1st innings total after Root's 186
শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয় টেষ্ট মেচৰ তৃ্তীয় দিনত 186 ৰাণ সংগ্ৰহ জ‘ ৰুটৰ

By

Published : Jan 24, 2021, 10:43 PM IST

স্পৰ্টচ ডেস্ক, 24 জানুৱাৰী : শ্ৰীলংকাৰ বিৰুদ্ধে গা'লত চলি থকা দ্বিতীয় টেষ্ট মেচৰ তৃ্তীয় দিনৰ খেল শেষ হোৱালৈকে ইংলেণ্ডৰ দলে প্ৰথম ইনিংছত 9 টা উইকেট হেৰুৱাই 339 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ প্ৰতিদ্বন্দী দলৰ পৰা এতিয়াও 42 ৰাণ পিছ পৰি আছে ইংলেণ্ডৰ দলটো ৷

শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত আকৰ্ষণীয় দ্বিশতক অৰ্জন কৰা ইংলেণ্ড ক্ৰিকেট দলৰ অধিনায়ক জ‘ ৰুটে শৃংখলাৰ আনখন মেচত পুনৰ দ্বি-শতক অৰ্জন পৰা অলপৰ কাৰণে বাদ পৰে ৷ দ্বিত্বীয় টেষ্টৰ তৃতীয় দিনত জ‘ ৰুটে 186 ৰাণ সংগ্ৰহ কৰি ৰাণ আউট হয় আৰু ইয়াৰ পাছতে আম্পায়াৰে দিনটোৰ খেলৰ অন্ত পৰা বুলি ঘোষণা কৰে ৷ ইফালে খেল সমাপ্তিৰ সময়ত খেলপথাৰত এক ৰাণো নকৰাকৈ থাকে বেটছমেন জেক লীচ ৷

এতিয়া এই ক্ষেত্ৰত লক্ষণীয় হ‘ব যে, চতুৰ্থ দিনৰ খেলত ইংলেণ্ডৰ দলে কেতিয়া আউট হয় ৷ ইফালে শ্ৰীলংকাৰ ফালৰ পৰা বলাৰ লাচিত এম্বুলদেনীয়াই সুন্দৰ বলিং কৰি ইংলেণ্ডৰ 7 গৰাকী বেটচমেনক পেভেলিয়নলৈ পঠিয়াবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, শ্ৰীলংকাৰ দলে দ্বিতীয় টেষ্ট মেচৰ প্ৰথমটো ইনিংছত ইংলেণ্ডৰ বিৰুদ্ধে 10 উইকেট হেৰুৱাই 381 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক: শ্বাৰদুল ঠাকুৰসহ ৬ ক্ৰিকেটাৰক 'মাহিন্দ্ৰা'ৰ বিশেষ উপহাৰ

ABOUT THE AUTHOR

...view details