স্পৰ্টছ ডেস্ক, 3 ফেব্ৰুৱাৰী :আঘাতপ্ৰাপ্ত ৰোহিত শৰ্মাৰ স্থানত নিউজিলেণ্ডৰ বিৰুদ্ধে স্থান লাভ কৰিছে শোভমন গিলে ৷ সোমবাৰে বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে এই ঘোষণা কৰে ৷ দেওবাৰে বে' অ'ভেলত অনুষ্ঠিত হোৱা পঞ্চম তথা অন্তিম টি-20 মেচত আঘাতপ্ৰাপ্ত হোৱা ৰোহিত এদিনীয়া আৰু টেষ্ট শৃংখলাৰ পৰা বাহিৰ হৈছে ৷ ইয়াৰ পাচতে ৰোহিতৰ স্থানত শোভমন গিলক জাতীয় দললৈ নিৰ্বাচিত কৰা হয় ৷
নিউজিলেণ্ডৰ বিৰুদ্ধে অন্তিম টি-20 ত 41 বলত 60 ৰাণ সংগ্ৰহ কৰাৰ পাচতে আঘাতপ্ৰাপ্ত হোৱাৰ বাবে ৰোহিতে খেলপথাৰ ত্যাগ কৰিবলগা হৈছিল ৷ ভাৰতে অন্তিমবাৰ পাঁচখনীয়া এদিনীয়া শৃংখলাত অংশগ্ৰহণৰ বাবে নিউজিলেণ্ড ভ্ৰমণ কৰাৰ সময়তো শোভমন গিল দলটোৰ সদস্য আছিল ৷