
স্পৰ্টছ ডেস্ক, ২২ ফেব্ৰুৱাৰীঃ ছৈয়দ মুস্তাক আলী টি-২০ ত অভিলেখ ৰচিলে মুম্বাইৰ যুৱ খেলুৱৈ শ্ৰেয়াছ আয়াৰে । ছিক্কিম বিৰুদ্ধে ৫৫ বলত ১৪৭ ৰান কৰি টি-২০ ত আটাইতকৈ সৰ্বোচ্চ ব্যক্তিগত ৰান কৰা ভাৰতীয় খেলুৱৈ হ'ল আয়াৰ । ঋষভ পন্তৰ ১২৮ ৰানৰ অভিলেখ ভংগ কৰি এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে খেলুৱৈগৰাকীয়ে । আয়াৰৰ এই ইনিংছত থাকে ১৫ টা আকাশলম্বী ছিক্সাৰ লগতে ৭ টাকৈ চাৰি । আয়াৰৰ এই ইনিংছৰ ফলতেই নিৰ্ধাৰিত ২০ অভাৰত মুম্বাইয়ে ৪ উইকেটৰ বিনিময়ত ২৫৮ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় । মুম্বাইয়ে ১৫৪ ৰানত জয় লাভ কৰিবলৈ সক্ষম হয় মেচখন ।