অসম

assam

By

Published : Jun 20, 2020, 4:11 PM IST

ETV Bharat / sports

ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে পৰিয়ালক লগ কৰিব পাৰিব ছ'য়েবে : পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ অনুমতি

ইংলেণ্ডৰ ভ্ৰমণৰ পূৰ্বে পত্নী ছানিয়া মিৰ্জা আৰু এক বছৰীয়া পুত্ৰ সন্তান ইজহানক লগ কৰাৰ অনুমতি প্ৰদান ছ'য়েব মলিকক। পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ ফালৰ পৰা 24 জুলাইত দলৰ সৈতে যোগদান কৰাৰ নিৰ্দেশ জেষ্ঠ খেলুৱৈগৰাকীক । উল্লেখ্য যে,যোৱা পাঁচ মাহৰ পৰা পত্নী আৰু পুত্ৰৰ পৰা আঁতৰি আছে খেলুৱৈগৰাকী ।

shoaib malik to meet sania mirza and kid before joining team in england
shoaib malik to meet sania mirza and kid before joining team in england

স্পৰ্টছ ডেস্ক, 20 জুনঃ অহা 28 জুনত তিনিখন টেষ্ট আৰু তিনিখন টি-20 শৃংখলাৰ বাবে ইংলেণ্ড ভ্ৰমণলৈ ৰাওনা হ'ব পাকিস্তান ক্ৰিকেট দল । এই শৃংখলাৰ টি-20 মেচত অংশগ্ৰহণ কৰিব ছিনিয়ৰ খেলুৱৈ ছ'য়েব মলিকে । যাৰ বাবে অহা 24 জুলাইত পাকিস্তান দলৰ সৈতে যোগদান হ'বলৈ নিৰ্দেশ দিয়া হৈছে খেলুৱৈগৰাকীক ।

ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে পৰিয়ালক লগ কৰিব পাৰিব ছ'য়েব মলিকে

উল্লেখ্য় যে,পৰিয়ালৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ বাবেই খেলুৱৈগৰাকীয়ে পাকিস্তান ক্ৰিকেট ব'ৰ্ডক এক আবেদন দাখিল কৰিছিল । যাৰ ফলস্বৰূপেই তেওঁক 23 জুলাইলৈ পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰাৰ মঞ্জুৰী প্ৰদান কৰা হৈছে পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ ফালৰ পৰা ।

কৰ'ণা ভাইৰাছৰ ফলতেই আন্তঃৰাষ্ট্ৰীয় পৰিবহন যাত্ৰা বন্ধ হৈ থকাৰ বাবেই যোৱা পাঁচ মাহে পত্নী ছানিয়া মিৰ্জা আৰু পুত্ৰ সন্তান ইজহানৰ পৰা আঁতৰ থাকিবলগীয়া হৈছে খেলুৱৈগৰাকী । কাৰণ পত্নী ছানীয়া মিৰ্জা আৰু তেওঁ সন্তান ভাৰতত থকাৰ বিপৰীতে ছিয়ালকোটৰ নিজৰ বাসগৃহত আছে ছ'য়েব।

এই শৃংখলাৰ বাবে পাকিস্তান ক্ৰিকেট ব'ৰ্ডে শনিবাৰে ৰাওনা হোৱাৰ তাৰিখ ঘোষণা কৰাৰ লগতে নীতি-নিয়ম অনুসৰি খেলুৱৈ সকলক ভ্ৰমণৰ পূৰ্বে 14 দিনলৈ ডৰ্বীশ্বৰত কোৱাৰেণ্টাইনত থকাৰ লগতে তাতেই অনুশীলনত নামিব বুলি জানিবলৈ দিয়ে । এই ভ্ৰমণসূচীৰ বাবে পাকিস্তান দলটোত 29 গৰাকী খেলুৱৈক দলত স্থান দিয়া হৈছে ।

লগতে চাওকঃ অসমৰ ভৱিষ্যৎ মংগলৰ অৰ্থে 2021ত বিজেপিক উৎখাত কৰিবই লাগিবঃ ৰিপুন বৰা

ABOUT THE AUTHOR

...view details