স্পৰ্টছ ডেস্ক, 21 জানুৱাৰীঃনিউজিলেণ্ড শৃংখলাৰ পূৰ্বেই ভাৰতীয় দলত অঘটন ৷ আঘাতৰ সন্মুখীন হৈ ভাৰত-নিউজিলেণ্ড শৃংখলাৰ পৰা বাহিৰ হ’ল ভাৰতীয় অ’পেনাৰ বেটছমেন শিখৰ ধাৱন ৷ অৱশ্যে এতিয়াও আনুষ্ঠানিক ভাৱে এই কথা প্ৰকাশ কৰা নাই বিচিচিআইয়ে ৷
ভাৰত-নিউজিলেণ্ড শৃংখলাৰ পৰা বাহিৰ ‘গব্বৰ’ - নিউজিলেণ্ড শৃংখলাৰ পূৰ্বেই ভাৰতীয় দলত অঘটন
শিখৰ ধাৱনৰ অনুৰাগীৰ বাবে পুনৰ দুঃখবৰ ৷ আঘাতৰ বাবে নিউজিলেণ্ডৰ সৈতে অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ পৰা বাহিৰ হ’ল গব্বৰ ৷
![ভাৰত-নিউজিলেণ্ড শৃংখলাৰ পৰা বাহিৰ ‘গব্বৰ’ ভাৰত-নিউজিলেণ্ড শৃংখলাৰ পৰা বাহিৰ ‘গব্বৰ’](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5787556-907-5787556-1579604304361.jpg)
ভাৰত-নিউজিলেণ্ড শৃংখলাৰ পৰা বাহিৰ ‘গব্বৰ’
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বাংগালুৰুত অনুষ্ঠিত হোৱা তৃতীয়খন এদিনীয়াত ফিল্ডিং কৰি থকাৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল শিখৰ ধাৱন ৷ এৰণ ফিন্সৰ এটা শ্ব’ট প্ৰতিৰোধ কৰিবলৈ যাওঁতেই আঘাত হ’বলগীয়া হৈছিল ধাৱন ৷ পিচত ততাতৈয়াকৈ ধাৱনক এক্স-ৰে ৰ বাবে খেলপথাৰৰ পৰা বাহিৰলৈ লৈ যোৱা হৈছিল ৷
24 জানুৱাৰীৰ পৰা নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া পাঁচ মেচৰ টি-20 শৃংখলাৰ বাবে দলত স্থান লাভ কৰিছিল ধাৱনে ৷ এতিয়া শিখৰৰ স্থানত কোন খেলুৱৈক সুযোগ দিয়া হয় সেইয়া হে লক্ষ্যণীয় হ’ব ৷