স্পৰ্টছ ডেস্ক, ৮ মাৰ্চঃ শেহতীয়াকৈ বিচিচিআইৰ প্ৰকাশ পোৱা ২০১৮-১৯ ৰ বাৰ্ষিক খেলুৱৈ কন্ট্ৰাক লিস্টৰ শীৰ্ষ গ্ৰেডৰ পৰা বাহিৰ হ'ল ভাৰতীয় অপেনাৰ বেটছমেন শিখৰ ধাৱনৰ নাম । আনহাতে A গ্ৰেডত সন্নিৱিষ্ট হৈছে যুৱ খেলুৱৈ উইকেটকীপাৰ বেটছমেন ঋষভ পন্তৰ।
ইপিনে A+ গ্ৰেডত আছে কেৱল তিনিজনকৈ খেলুৱৈ । য'ত আছে বিৰাট ক'হলি, ৰোহিত শৰ্মা, জছপ্ৰীত বোমৰাহ । উল্লেখ্য যে, এই গ্ৰেডৰ বিনিময়ত তিনি খেলুৱৈয়ে লাভ কৰিব বছৰি ৭ কোটি টকাকৈ । A গ্ৰেডত ১১ জনকৈ খেলুৱৈ থকাৰ বিপৰীতে B গ্ৰেডত আছে ৪ জন আৰু C গ্ৰেডত আছে ৭ জন । A গ্ৰেডত থকা খেলুৱৈয়ে ৫ কোটি টকা লাভ কৰাৰ বিপৰীতে B থকা খেলুৱৈয়ে ৩ কোটি, আৰু C ত থকা খেলুৱৈয়ে ১ কোটি টকাকৈ লাভ কৰিব বাৰ্ষিক ।
A+ গ্ৰেডত থকা খেলুৱৈ হৈছে - বিৰাট ক'হলি, ৰোহিত শৰ্মা, জছপ্ৰীত বোমৰাহ