স্পৰ্টছ ডেস্ক, 27 অক্টোবৰ: আজি সমগ্ৰ ভাৰততে পালন কৰা হৈছে পোহৰৰ উৎসৱ দীপাৱলী ৷ দীপাৱলীৰ উদ্দেশ্যে ৱেষ্ট ইণ্ডিজ দলৰ ক্ৰিকেটাৰ শ্বেলডন কটট্ৰেলৰ ভাৰতবাসীক লৈ মন চুই যোৱা টুইট ৷ খেলুৱৈগৰাকীয়ে উল্লেখ কৰে,
ৱেষ্ট ইণ্ডিজ ক্ৰিকেটাৰৰ ভাৰতবাসীলৈ টুইট
ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ দ্ৰুততম বেগী বলাৰ শ্বেলডন কটট্ৰেলৰ ভাৰতবাসীলৈ দীপাৱলীৰ শুভেচ্ছা ৷
ৱেষ্ট ইণ্ডিজ ক্ৰিকেটাৰৰ ভাৰতবাসীলৈ টুইট
সু প্ৰভাত... দীৱালীৰ শুভেচ্ছা, মই ত্ৰিনিডাডত সুন্দৰ সময় অতিবাহিত কৰিছো য’ত বহু ভাৰতীয় লগ পাইছো ৷ সেই সময়টো আছিল অতি মনমোহা ৷ এই বাৰ্তা মোক সহায় কৰা বন্ধুবৰ্গলৈ ৷ আপোনালোক আৰু আপোনালোকৰ পৰিয়াললৈ মোৰ ফালৰ পৰা দীপাৱলীৰ বহুত বহুত শুভকামানা ৷
উল্লেখ্য যে, শ্বেলডন কটট্ৰেল পূৰ্বৰ পৰাই ছ’চিয়েল মিডিয়াত যথেষ্ট সংক্ৰিয় ৷ তেওঁ লগতে টুইট কৰি কয় যে, তেওঁ অলপ অলপ হিন্দী ক’বলৈ শিকিছে ৷ ষ্টাম্প মাইকত শুনি শুনি তেওঁ হিন্দী শিকিছে বুলি উল্লেখ কৰে ৷