স্পৰ্টছ ডেস্ক, ২১ মে': অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা বিশ্বখ্য়াত বলাৰ শ্বেন ৱাৰ্ণনে শেহতীয়াকৈ তেওঁৰ সতীৰ্থ খেলুৱৈ তথা প্ৰাক্তন অধিনায়ক ষ্টীভ ৱাক তেওঁৰ সৈতে একেলগে খেলা খেলুৱৈৰ ভিতৰত আটাইতকৈ স্বাৰ্থপৰ খেলুৱৈ বুলি অভিহিত কৰি এক বিতৰ্কিত মন্তব্য় প্ৰদান কৰিছিল ।
ইয়াৰ প্ৰত্যুত্তৰতে অষ্ট্ৰেলিয়াৰে প্ৰাক্তন ক্ৰিকেটাৰ ষ্টীভ ৱায়ে কয়, ৱাৰ্ণৰ মন্তব্যই তেওঁক নিজকে সূচাইছে । উল্লেখ্য যে, ১৯৯৯ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শ্বেন ৱাৰ্ণক দলৰ পৰা বাহিৰ কৰা পিচৰে পৰা দুয়োৰে মাজত ভাল সম্পৰ্ক দেখা পোৱা নাযায় ।
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে লগতে কয়, বহু লোকে আমাৰ মাজত এইয়া এক কাজিয়া বুলি ক'ব খোজে । কিন্তু মোৰ বাবে দুয়ো লোকৰ মাজত কাজিয়া হয় । মই ইয়াৰ মাজত কেতিয়াও অহা নাই । এইটো কেৱল এজন ব্যক্তিৰ । ৱাৰ্ণৰ মন্তব্য তেওঁৰ নিজৰ সৈতে সূচাইছে । মোৰ সৈতে নহয় বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।
ৱাৰ্ণে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ষ্টীভ ৱাক তেওঁৰ সৈতে খেলা আটাইতকৈ স্বাৰ্থপৰ খেলুৱৈ বুলি অভিহিত কৰিছিল । আচলতে টুইটাৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ষ্টীভ ৱাৰ ৰান আউটৰ এটা পৰিসংখ্যা উল্লেখ কৰি ৱাৰ্ণে কয়, টেষ্ট ক্ৰিকেটত (১০৪ বাৰ) ৰান আউট কৰাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে ষ্টীভ ৱাৰ । য'ত ৭৩ বাৰ তেওঁৰ সহযোগী খেলুৱৈ ৰান আউটৰ সন্মুখীন হৈছে । এইয়া সত্য নে বুলি এক টুইট কৰিছিল ৱাৰ্ণে ।
লগতে পুনৰ বাৰ এক টুইট কৰি ৱাৰ্ণে কৈছিল, এই অভিলেখৰ বাবে পুনৰ ১০০০ বাৰ মই কম, মোৰ শত্ৰুতা নাই ৱাৰ সৈতে । মই মোৰ সৰ্বকালৰ শ্ৰেষ্ঠ বেটছমেনৰ সূচীত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰিছো । কিন্তু ষ্টীভ ৱা যে মোৰ লগত খেলা খেলুৱৈৰ ভিতৰত আটাইতকৈ স্বাৰ্থপৰ খেলুৱৈ তাৰ সহজ অনুমেয় এই পৰিসংখ্য়া.... বুলি উল্লেখ কৰিছিল ৱাৰ্ণে ।