স্পৰ্টছ ডেস্ক, ২৩ ডিচেম্বৰ :হাতত আঘাত পোৱাৰ পিছত ৬ সপ্তাহৰ বাবে বিশ্ৰাম আৰু আৰোগ্য লাভৰ বাবে ভাৰতীয় দলৰ অন্য়তম দ্ৰুতবেগী বলাৰ মহম্মদ ছামীয়ে ইংলেণ্ডৰ বিৰুদ্ধে ফেব্ৰুৱাৰীত হ'বলগীয়া প্ৰথমখন টেষ্টত অংশগ্ৰহণ নকৰাৰ সম্ভাৱনা আছে । যোৱা সপ্তাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এডিলেইডত অনুস্থিত হোৱা দিবা-নৈশ টেষ্টত মহম্মদ ছামীয়ে হাতত আঘাত পাইছিল । খেলখনত অষ্ট্ৰেলিয়ান বলাৰ পেট্ কামিনছৰ বলত ছামীয়ে হাতত আঘাত পায় । চিকিৎসকে জানিবলৈ দিয়া অনুসৰি, তেওঁৰ হাতৰ হাড় ভাঙিছে ৷
BCCI ৰ এক সূত্ৰই এটা সংবাদ প্ৰতিস্থানক জনোৱা মতে, ইংলেণ্ডৰ বিৰুদ্ধে ফেব্ৰুৱাৰীত হ'বলগীয়া উদ্ধোধনী টেষ্টত তেওঁ অংশ লোৱাৰ সম্ভাৱনা নাই কাৰণ বিশ্ৰাম আৰু আৰোগ্য লাভৰ বাবে ৬ সপ্তাহৰ প্ৰয়োজন হ'ব । BCCI ৰ সূত্ৰটোৱে জনোৱা মতে, এবাৰ হাতৰ প্লাষ্টাৰ আঁতৰাৰ পিছত বেংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত চিকিৎসকৰ তদানীন্তনত থাকিব ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হৈ থকা ৪ খন টেষ্ট শৃংখলাৰ বাকী খেলৰ পৰা ইতিমধ্য়ে বাহিৰ হৈছে মহম্মদ ছামী ৷ সেয়েহে মঙলবাৰে ভাৰত অভিমুখে ৰাওনা হয় তেওঁ ৷