অসম

assam

ETV Bharat / sports

অধিনায়কত্ব ত্যাগ কৰাৰ ইচ্ছা বাংলাদেশ ক্ৰিকেট দলৰ অধিনায়কৰ - জহৌৰ আহমেদ চৌধুৰী ষ্টেডিয়াম

আফগানিস্তানৰ বিপক্ষে টেষ্ট মেচত পৰাস্ত হোৱাৰ পাছতে অধিনায়ক ছাকিব অল হাছানে দলক নেতৃত্ব প্ৰদানৰ পৰা অব্যাহতি লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে ৷ আফগানিস্তানৰ বিৰুদ্ধে বাংলাদেশে 224 ৰানৰ ব্যৱধানত পৰাস্ত হয় ৷

অধিনায়কত্ব ত্যাগ কৰাৰ ইচ্ছা বাংলাদেশ ক্ৰিকেট দলৰ অধিনায়কৰ

By

Published : Sep 10, 2019, 8:24 PM IST

স্পৰ্টছ ডেস্ক, 10 ছেপ্তেম্বৰ : আফগানিস্তানৰ বিপক্ষে টেষ্ট মেচত পৰাস্ত হোৱাৰ পাছতে অধিনায়ক ছাকিব অল হাছানে দলক নেতৃত্ব প্ৰদানৰ পৰা অব্যাহতি লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে ৷ সংবাদ মাধ্যমৰ আগত হাছানে মন্তব্য কৰে, "মই অধিনায়কৰ দায়িত্ব নোলোৱা হ'লেই ভাল আছিল ৷ ব্যক্তিগত চিন্তাৰে মই ক'ব বিচাৰো যে, ইয়াৰ ফলত মোৰ ক্ৰিকেট উন্নত মানৰ হ'ব ৷ মই নেতৃত্ব ল'বলগীয়া হ'লে বহু বিষয়ত আলোচনা কৰাৰ প্ৰয়োজন আছে ৷"

অধিনায়কত্ব ত্যাগ কৰাৰ ইচ্ছা বাংলাদেশ ক্ৰিকেট দলৰ অধিনায়কৰ

উল্লেখ্য যে,বাংলাদেশৰ জহৌৰ আহমেদ চৌধুৰী ষ্টেডিয়ামত অনুষ্ঠিত টেষ্ট মেচখনত প্ৰথম ইনিংছত আফগানিস্তানৰ 342 ৰানৰ পৰিৱৰ্তে বাংলাদেশে 205 ৰানহে কৰিবলৈ সক্ষম হয় ৷ আনহাতে,দ্বিতীয় ইনিংছত আফগানিস্তানে 260 ৰান সংগ্ৰহ কৰে আৰু বাংলাদেশক জয়ৰ বাবে বান্ধি দিয়া লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ বাংলাদেশে 173 ৰানত আটাইকেইটা উইকেট হেৰুৱায় ৷ ইয়াৰ ফলত বৃহৎ 224 ৰানৰ ব্যৱধানত পৰাস্ত হয় ছাকিব অল হাছান নেতৃত্বাধীন বাংলাদেশ দল ৷

ABOUT THE AUTHOR

...view details