স্পৰ্টছ ডেস্ক, 27 মে': হঠাতে বিস্ফোৰক মন্তব্য আগবঢ়োৱাৰ বাবে জনাজাত পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক শ্বাহিদ আফ্ৰিদী ৷ শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সম্পৰ্কত বিস্ফোৰক মন্তব্য কৰি বিভিন্ন লোকৰ লগতে ভাৰতীয় ক্ৰিকেটাৰৰ সমালোচনাৰ সন্মুখীন হৈছিল আফ্ৰিদী ৷ ভাৰতীয় ক্ৰিকেটাৰৰ সমালোচনা লাভ কৰাৰ পাচতে এই সম্পৰ্কত মুখ খুলিছে পাকিস্তানৰ প্ৰাক্তন অল ৰাউণ্ডাৰ গৰাকীয়ে ৷ হৰভজন সিং, যুৱৰাজ সিং, গৌতম গম্ভীৰ আদিয়ে সমালোচনা কৰাৰ পাচত তেওঁ কয় যে, তেওঁৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ হৰভজন আৰু যুৱৰাজ বাধ্য ৷
এক পাকিস্তানী নিউজ চেনেলক আফ্ৰিদীয়ে কয়, "মোৰ ফাউণ্ডেছনক সমৰ্থন জনোৱাৰ বাবে মই সদায় হৰভজন আৰু যুৱৰাজলৈ কৃতজ্ঞ হৈ থাকিম ৷ সঁচা কথাটো হৈছে যে, তেওঁলোক 'বাধ্য' ৷ তেওঁলোক সেই দেশত বাস কৰে ৷ তেওঁলোকে জানে যে, সেইখন দেশৰ নাগৰিকক দমন কৰি ৰখা হয় ৷ ইয়াতকৈ বেছি মই একো ক'ব নিবিচাৰো ৷"
পাকিস্তান অধিকৃত কাশ্মীৰ (PoK) ভ্ৰমণৰ সময়ত আফ্ৰিদীয়ে মন্তব্য কৰিছিল যে, ভাৰতত প্ৰধানমন্ত্ৰী মোডীয়ে ধৰ্মীয় উৎপীড়ন চলাইছে ৷ ইয়াৰ পাচতে আফ্ৰিদীৰ সমালোচনা কৰিছিল শিখৰ ধাৱান, হৰভজন, যুৱৰাজ, সুৰেশ ৰাইনা আৰু গৌতম গম্ভীৰে ৷